বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ লুইতৰ কুঁৱৰী নহয় ঐ মালতী/ নহয় তেওঁ ফুলৰে ৰাণী;
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰে উদ্বুদ্ধ হ’ল নেকি গ্ল’বেল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা? ছাৰোগেছীৰে সন্তান জন্ম দিয়াৰ পাছত এইবাৰ সন্তানটিৰ নাম মুকলি কৰাৰ পাছতে সেই কথাই মনলৈ আহিছে অসমীয়া মানুহৰ। নিশা জোনৰ পোহৰত ফুলা এবিধ পৰিচিত ফুল মালতী। মালতীক লৈ বৰ সুন্দৰ কবিতা এটাও ৰচি গৈছে বেজবৰুৱাই। এই ফুলৰ নামেৰেই প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছে তেওঁলোকৰ সন্তানৰ নাম থলে। তেওঁলোকৰ সংসাৰলৈ সাগৰসম সুখ লৈ অহা কণমানি কন্যা সন্তাটিৰ নাম থ’লে মালতী মেৰী চোপ্ৰা জোনাছ। সংবাদ মাধ্যমৰ হাতত পৰা জন্মৰ প্ৰমাণ-পত্ৰ মতে, মালতী মেৰীৰ জন্ম হৈছে যোৱা ১৫ জানুৱাৰীত কেলিফ’ৰ্ণিয়াৰ ছান ডিয়েগোত। অনুৰাগীয়ে সন্তানটিৰ নামৰ অৰ্থ জানিবলৈও উদগ্ৰীৱ হৈ আছিল। কণমানিটিৰ মাক-দেউতাকে জনালে যে হিন্দু নাম হিচাপে নিশা ফুলা এবিধ ফুলৰ নাম ‘মালতী’ আৰু ফৰাচী ভাষাত ‘মেৰী’ মানে সাগৰৰ তৰা, সেয়েৰে সজালে তেওঁলোকৰ জীৱনলৈ অহা কণমানি ফুলটিৰ নাম।