নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রিয়ংকাৰ মনোনয়ন দাখিলত খার্গেক অপমান

🔹 দণ্ডাধীশৰ কার্যালয়ৰ দুৱাৰ মুখত থিয় হৈ থাকিল খার্গে !

নিউজ ডেস্ক, ২৫ অক্টোবৰ : পৰহি কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ উপ–নির্বাচনৰ বাবে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই মনোনয়ন দাখিল কৰিছে৷ ইয়াৰ পিছতে মনোনয়ন পর্বক লৈ আৰম্ভ হৈছে বিতর্ক৷ কালি বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই অভিযোগ কৰে যে প্রিয়ংকাৰ মনোনয়নৰ সময়ত অপমানিত কৰা হৈছে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক৷ দলিত নেতাগৰাকীক ইচ্ছাকৃতভাৱে অপমান কৰা হৈছে বুলি অভিযোগ কৰে মালব্যই৷ স্বাভাৱিকতে এই অভিযোগক লৈ অস্বস্তিত পৰিছে কংগ্রেছ৷ অভিযোগৰ সমর্থনত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰে অমিত মালব্যই৷ এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে ৱায়নাড়ৰ জিলা দণ্ডাধীশৰ কার্যালয়ত প্রিয়ংকাই মনোনয়ন জমা দিছে৷ লগত আছে মাতৃ ছোনিয়া আৰু ভাতৃ ৰাহুল৷ একে সময়তে জিলা দণ্ডাধীশৰ কার্যালয়ৰ বাহিৰৰ দুৱাৰ মুখত থিয় দি আছে খার্গে৷ এনেদৰে কংগ্রেছ সভাপতিক অপমান কৰা হৈছে বুলি দাবী কৰিছে অমিত মালব্যই৷ বিষয়টোক লৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো প্রতিক্রিয়া প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী শর্মাই ছ’চিয়েল মিডিয়াৰ এক পোষ্টত কয় যে কংগ্রেছত এটা পৰিয়ালেই সকলো৷ তেওঁলোকৰ বাবে দলৰ সর্বভাৰতীয় বা প্রদেশ সভাপতিও অসন্মানিত হ’বলগীয়া হয়৷

You might also like