নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনত এইবাৰ বিভিন্ন দলে কেইবাটাও মর্চা গঠন কৰাৰ উপৰি মুখ্যমন্ত্রী পদৰ প্রার্থীও প্রক্ষেপ কৰিছে৷ অধিক মর্চাৰ দৰে এইবাৰ নির্বাচনত মুখ্যমন্ত্রী পদৰ প্রার্থীও বেছি৷ মুঠ ৬গৰাকীকৈ প্রার্থীক বিভিন্ন দলে মুখ্যমন্ত্রী পদৰ বাবে প্রক্ষেপ কৰিছে৷ এই প্রার্থীকেইগৰাকী হৈছে এন ডি এৰ নীতিশ কুমাৰ, মহাজোঁটৰ তেজস্বী যাদৱ, এল জে পিৰ চিৰাগ পাছোৱান, পি ডি এৰ পাপু যাদৱ, গ্রেণ্ড ডেম’ক্রেটিক ছেকুলাৰ এলায়েন্সৰ উপেন্দ্র কুছৱাহা আৰু নতুন দল গঠনৰ প্রস্তুতি চলাই থকা পুষ্পমপ্রিয়া চৌধাৰী৷
মুখ্যমন্ত্রী পদৰ বাবে ৬গৰাকী প্রার্থী প্রক্ষেপ হোৱাৰ লগে লগে বিহাৰৰ এইবাৰৰ নির্বাচন আকর্ষণীয় হৈ পৰিছে৷ অৱশ্যে ৰাজনৈতিক পর্যালোচকসকলৰ মতে, এইবাৰ নির্বাচনতো নীতিশ কুমাৰ আৰু তেজস্বী যাদৱৰ মাজতে মূল যুঁজখন চলিব৷ অর্থাৎ দুয়োগৰাকী নেতাৰ যিকোনো এগৰাকীয়ে ৰাজ্যখনৰ পৰৱর্তী মুখ্যমন্ত্রী পদ লাভ কৰাৰ সম্ভাৱনা আছে৷