নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰৱর্তী শুনানিলৈকে ৱাকফৰ সম্পত্তিৰ সালসলনিত নিষেধাজ্ঞা

🔹 কেন্দ্রক এসপ্তাহত উত্তৰ দিবলৈ নির্দেশনা

🔹 ৱাকফ সংশোধনী আইনক লৈ দ্বিতীয় দিনাও উচ্চতম ন্যায়ালয়ত শুনানি

নিউজ ডেস্ক, ১৮ এপ্রিল : ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক লৈ প্রত্যাহ্বান জনোৱা আবেদনৰ শুনানি কালি দ্বিতীয় দিনাও গ্রহণ কৰে উচ্চতম ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে পৰহি ৭২খন আবেদন একত্রিত কৰি লৈ শুনানি লোৱাৰ অন্তত কালি পুনৰ বিয়লি ২ বজাত ৱাকফ সংশোধনী আইনক লৈ শুনানি গ্রহণ কৰে৷ এই শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ খান্নাৰ নেতৃত্বৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰক ৱাকফ আয়োগ তথা ৱাকফ ব’ৰ্ডত নতুন নিযুক্তি নিদিবলৈ নির্দেশ দিয়ে৷ ঠিক তেনেদৰে ৱাকফৰ কোনো সম্পত্তি সালসলনি কৰিব নোৱাৰিব বুলিও বিচাৰপীঠে নির্দেশ দিয়ে৷ পৰৱর্তী শুনানি নোহোৱালৈকে নতুন ৱাকফ সংশোধনী আইনৰ উল্লিখিত বিষয়সমূহত কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে৷ ইপিনে, কেন্দ্রীয় চৰকাৰে বিচাৰপীঠৰ সন্মুখত জনোৱা আহ্বানত সন্মত হৈ উল্লিখিত বিষয়সমূহত বিশেষকৈ বিতর্কিত ৱাকফ আইনখনক লৈ উত্তৰ দিবলৈ ৭ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে৷ অহা ৫ মে’ত শুনানিৰ পূর্বেই ৭ দিনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে ৱাকফ আইনৰ সাংবিধানিক বৈধতাক লৈ জনোৱা প্রত্যাহ্বানৰ আবেদনৰ উত্তৰ দিব লাগিব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিয়ে৷ বিচাৰপীঠৰ এই নির্দেশৰ সময়তে কেন্দ্রীয় চৰকাৰে ৱাকফ আয়োগ অথবা ৱাকফ ব’ৰ্ডত কোনো নিযুক্তি নিদিয়ে বুলি লিখিত প্রতিশ্রুতি দিয়ে৷ মুখ্য ন্যায়াধীশ খান্নাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনে পৰহি কেন্দ্রীয় চৰকাৰক ৱাকফ আইনৰ সম্পত্তি সন্দর্ভত সকীয়নি দি ৱাকফ সম্পত্তিৰ সালসলনিয়ে দেশত অশান্তিৰ বীজ বিয়পাব পাৰে বুলি উদ্বিগ্ণতা প্রকাশ কৰিছে৷ কোনো কাৰণতে ৱাকফৰ সম্পত্তি সালসলনি কৰাৰ ক্ষেত্রত চৰকাৰক সজাগ হোৱাৰো পৰামর্শ আগবঢ়াইছে৷ কালি বিয়লি ২ বজাত শুনানি গ্রহণ কৰি বিচাৰপীঠে ৱাকফৰ সম্পত্তি সালসলনি কৰিব নোৱাৰাৰ লগতে নতুন নিযুক্তি দিব নোৱাৰে বুলিও স্পষ্ট নির্দেশ দিয়ে৷ ৱাকফ সংশোধনী আইনত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ নিদিলেও বিচাৰপীঠৰ এই সিদ্ধান্তই কেন্দ্রীয় চৰকাৰক বিপাঙত পেলাইছে৷ উল্লেখ্য যে বিৰোধী দলৰ লগতে দেশৰ মুছলিম সংগঠনে উচ্চতম ন্যায়ালয়ত ৱাকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক লৈ প্রশ্ণ উত্থাপন কৰি আবেদন দাখিল কৰিছে৷ ৭২খন এনে আবেদনক একত্রিত কৰি তিনিজনীয়া বিচাৰপীঠে দুদিন ধৰি শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক এই সন্দর্ভত মত ব্যক্ত কৰিবলৈ ৭ দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে৷

You might also like