পঞ্জাবৰ স্বর্ণ মন্দিৰত খালিস্তান জিন্দাবাদ ধ্বনি
নিয়মীয়া বাৰ্তা ৭ জুনঃ অপাৰেচন ব্লুষ্টাৰৰ ৩৬সংখ্যক বার্ষিকী উপলক্ষে শনিবাৰে পঞ্জাবৰ স্বর্ণ মন্দিৰত শিখ কট্টৰপন্থীয়ে খালিস্তান জিন্দাবাদ ধ্বনি দিয়ে৷ শিৰোমণি আকালি দল (অমৃতসৰ)ৰ সভাপতিৰ পুত্র ইমান সিং মান আৰু প্রাক্তন সাংসদ চিমৰান জিৎ সিং মানৰ নেতৃত্বত শতাধিক কট্টৰপন্থী কর্মীয়ে আজি স্বর্ণ মন্দিৰত খালিস্তান জিন্দাবাদ ধ্বনি দিয়াক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই খালিস্তানপন্থী লোকসকলক অকাল টখটোৰ পেৰেলেল জাথেদাৰ ধিয়ান সিং মন্দে স্বর্ণ মন্দিৰত প্রৱেশ কৰি সমৱেত শতাধিক লোকক সম্বোধন কৰে৷ এই খালিস্তানপন্থী সমাৱেশত শিখ কট্টৰপন্থী সংগঠন দমদানী টকচালৰ সদস্যও উপস্থিত থাকে৷ উল্লেখ্য যে ১৯৮৪ চনত খালিস্তানৰ দাবী তোলা সংগঠনৰ সশস্ত্র সদস্যৰ বিৰুদ্ধে অভিযান চলাবলৈ স্বর্ণ মন্দিৰত সেনা বাহিনী প্রৱেশ কৰিছিল৷ এই অভিযানক অপাৰেচন ব্লুষ্টাৰ বুলি আখ্যা দিয়া হৈছে৷ সেনা বাহিনীৰ অভিযানত অনেক কট্টৰপন্থী শিখ নিহত হৈছিল৷ আজি অপাৰেচন ব্লুষ্টাৰৰ ৩৬সংখ্যক বার্ষিকী উপলক্ষে স্বর্ণ মন্দিৰ চৌহদত প্রাণ হেৰুওৱা পৰিয়ালৰ লোকক সমবেদনা জনাই খালিস্তান জিন্দাবাদ ধ্বনি দিয়ে৷