কৰ্কটত আক্ৰান্ত পুটিন, শীঘ্ৰেই ক্ষমতা এৰিব ৰুছ ৰাষ্ট্ৰপতিয়ে
বিশেষ বাৰ্তা, ৩ মেঃ ইউক্রেইনৰ যুদ্ধৰ মাজতেই বিস্ফোৰক খবৰ প্ৰকাশ কৰিছে আমেৰিকাৰ আগশাৰীৰ সংবাদ পত্ৰ ‘নিউয়র্ক পোষ্ট’এ। সংবাদ পত্ৰখনৰ দাবী যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আক্রান্ত হৈছে কৰ্কটত। শীঘ্রেই তেওঁৰ অস্ত্রোপচাৰ কৰা হ’ব। তাৰ আগতে পুটিনে সাময়িকভাবে ক্ষমতা হস্তান্তৰ কৰিব। ৰুছ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পেত্রুশেভ হ’ব অস্থায়ী ৰাষ্ট্ৰপতি। নিউয়র্ক পোষ্টত প্রকাশিত খবৰ অনুযায়ী,পুটিনৰ চিকিৎসকে জনাইছে অবিলম্বে অপাৰেছন কৰিব লাগিব অপ্ৰতিৰোধ্য নেতাজনে। ৰাছিয়াৰ ফৰেইন ইণ্টেলিজেন্স চার্ভিছৰ এজন প্রাক্তন কর্মীৰ টেলিগ্রাম চেনেলৰ পৰা সেই খবৰ জানিব পাৰিছে বুলি দাবী কৰিছে মার্কিন সংবাদপত্রখনে। শেহতীয়া কেইবাখনো ফটোত দেখি বহুতৰে ভাব হৈছিল পুটিন অসুস্থ। তেওঁ অস্থিৰ হৈ পৰাও দেখা যায় বহু চৰকাৰী অনুষ্ঠানত। নিউয়র্ক পোষ্টৰ মতে, কেৱল কেন্সাৰতে নহয়, আৰু কেবাটাও গুৰুতৰ ৰোগ আছে ৰুছ ৰাষ্ট্ৰপতিৰ। তাৰে এটা হ’ল পার্কিনছনছ ডিজিজ।