নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ কংগ্রেছৰ ১৩৬সংখ্যক প্রতিষ্ঠা দিৱসৰ কার্যসূচীত সভানেত্রী ছোনিয়া গান্ধী আৰু প্রাক্তন সভাপতি ৰাহুল গান্ধী উপস্থিত নথকাক লৈ ছ’চিয়েল মিডিয়াত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্বৰাজোত্তৰ ভাৰতক প্রায় ৫০ বছৰ ধৰি শাসন কৰা কংগ্রেছ দলৰ প্রতিষ্ঠা দিৱসৰ কার্যসূচীত সভানেত্রী ছোনিয়া গান্ধী আৰু প্রাক্তন সভাপতি ৰাহুল গান্ধী অনুপস্থিত থকাত জ্যেষ্ঠ নেতা একে এন্থনীয়ে নতুন দিল্লীৰ এআইচিচিৰ মুখ্য কার্যালয়ত দলীয় পতাকা উত্তোলন কৰে৷ বিগত বছৰ ধৰি দলৰ আভ্যন্তৰত সৃষ্টি হোৱা মতানৈক্যৰ ফলশ্রুতিত দলটো বিতর্কৰ মাজত সোমাই পৰাৰ সময়তে আজি দলৰ ১৩৬সংখ্যক প্রতিষ্ঠা দিৱসত শীর্ষ দুই গান্ধী উপস্থিত নথকাটো তাৎপর্যপূর্ণ৷ অৱশ্যে এই কার্যসূচীত কিছুসংখ্যক জ্যেষ্ঠ নেতাৰ লগতে দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ভদ্রা উপস্থিত থাকে৷