নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুল স্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো ভুল আছিল৷ এই অকপট স্বীকাৰোক্তি প্রয়াত প্রধানমন্ত্রীগৰাকীৰ্ নাতি, কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কর্নেল বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভাৰতৰ প্রাক্তন মুখ্য অর্থনৈতিক উপদেষ্টা কৌশিক বসুৰ সৈতে হোৱা কথোপকথনত কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে জৰুৰীকালীন অৱস্থা সন্দর্ভত মন্তব্য কৰি সেই সময়ৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো ভুল বুলি অকপটে স্বীকাৰোক্তি দিয়ে৷ তদুপৰি কংগ্রেছ নেতাগৰাকীয়ে কয় যে বর্তমান সময়তকৈ সেই সময়টো পৃথক আছিল৷ কাৰণ কংগ্রেছে কেতিয়াও দেশৰ মৌলিক আন্তঃগাঁথনি সলনি কৰাৰ চেষ্টা কৰা নাই৷ উল্লেখ্য যে ১৯৭৫ চনত তৎকালীন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ আদেশত ১৯৭৫ চনৰ পৰা ১৯৭৭ চন পর্যন্ত মুঠ ২১ মাহৰ বাবে দেশখনত চলিছিল জৰুৰীকালীন অৱস্থা৷ এই সময়ছোৱাত সাধাৰণ মানুহৰ স্বাধীনতা খর্ব হৈছিল৷ কংগ্রেছ নেতা ৰাহুলে পুনৰ কয়– ‘মোৰ ভাব হয় সেইটো ভুল হৈছিল৷ আমাৰ আইতাই সেইটোকে কৈছিল৷’ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা কেন্দ্রীয় মন্ত্রীসকলে জৰুৰীকালীন অৱস্থাৰ কথা কৈ কংগ্রেছ দলক ইতিমধ্যে আক্রমণ কৰি আহিছে৷ দলটোৰ এই কার্যক ভুল বুলি কৈ আহিছে৷ কিন্তু কংগ্রেছে সেইটো মানি লোৱা নাছিল৷ অৱশেষত ৰাহুল গান্ধীয়েই সেই জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাটোক ভুল বুলি স্বীকাৰ কৰিলে৷

You might also like