নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতি কোৱিন্দে ল’লে ক’ভিড ভেকচিনৰ প্রথম ড’জ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ নতুন দিল্লীৰ আৰ আৰ হাস্পতালত আজি পুৱা ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে ক’ভিড–১৯ ভেকচিনৰ প্রথম ড’জ গ্রহণ কৰে৷ যোৱা সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি কেবিনেট মন্ত্রী, উপ–ৰাষ্ট্রপতিয়ে ক’ৰোনা ভেকচিনৰ প্রথমটো ড’জ লোৱাৰ পিছত আজি ৰাষ্ট্রপতিগৰাকীয়ে প্রথমটো ড’জ লয়৷ উল্লেখ্য যে যোৱা ১ মার্চৰ পৰা দেশজুৰি দ্বিতীয় পর্যায়ত বয়োজ্যেষ্ঠ নাগৰিককে ধৰি বহু ৰোগত আক্রান্ত ৪৫ বছৰ ঊর্ধ্বৰ লোকক টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে৷ এই অভিযানৰ অংশ হিচাপে প্রধানমন্ত্রীৰ পৰা সাংসদলৈকে ক’ভিড–১৯ টিকাকৰণ কৰা হৈছে৷ আজি ৰাষ্ট্রপতি কোৱিন্দকো আৰ আৰ হাস্পতালত ভেকচিনৰ প্রথম পালি প্রদান কৰা হয়৷ মন কৰিবলগীয়া যে দেশৰ সকলো নাগৰিককে ক’ভিডৰ টিকাকৰণৰ লক্ষ্য লৈছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ প্রথম পর্যায়ত একাংশ স্বাস্থ্যকর্মীয়ে ভেকচিন ল’বলৈ অমান্তি হোৱাৰ পিছত চৰকাৰে ভেকচিন লোৱাৰ বাবে উৎসাহিত কৰিবলৈ ব্যাপক প্রচাৰ চলাইছে৷

You might also like