নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী চৰকাৰক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ মহামাৰী ক’ভিড–১৯ আৰু লাডাখত চীনৰ আগ্রাসনক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে আজি পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে চৰকাৰখনক৷ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি আৰু লাডাখত চীনৰ আগ্রাসনক লৈ তেওঁ বাৰে বাৰে সকীয়াই থকাৰ পিছতো কেন্দ্রীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছে৷ কংগ্রেছ নেতা গান্ধীয়ে টুইটযোগে কয় যে ক’ভিড–১৯ আৰু অর্থনীতিক লৈ তেওঁ চৰকাৰক সকীয়নি দিছিল৷ চৰকাৰে তাক গণ্য নকৰিলে৷ ফলত অর্থনীতি আৰু ক’ভিড–১৯–ৰ পৰিস্থিতি বিষম হ’ল৷ ঠিক তেনেদৰে লাডাখত চীনক লৈ সকীয়নি দিয়া হৈছিল তাকো চৰকাৰখনে আওকাণ কৰিলে৷ ইয়াৰ পৰিপ্রেক্ষিততে দেশত ক’ভিডৰ পৰিস্থিতি জটিল হ’ল আৰু লাডাখতো চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হ’ল৷

You might also like