নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানহানিৰ গোচৰঃ চুৰাটৰ আদালতত মুখথেকেচা ৰাহুলৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: আদালতত পুনৰবাৰ মুখথেকেচা ৰাহনল গান্ধীৰ। মোদী উপাধিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিপদ এতিয়াও আতৰা নাই। মোদী উপাধিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদন চুৰাট আদালতে খাৰিজ কৰে।

সাংসদ তথা কংগ্ৰেছ নেতাগৰাকীয়ে এতিয়া চুৰাট আদালতৰ এই আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাব লাগিব।

জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে কয় যে চুৰাটৰ চেচন আদালতে কৰা ভুল উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে শুধৰাই দিব বুলি তেওঁ নিশ্চিত। তেওঁ কয় যে ৰায়দানৰ দ্বিতীয় খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বদনাম কৰা বুলি কোৱা হৈছিল যদিও তেওঁ ইয়াৰ পক্ষ নহয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াও অভিযোগ কৰা নাছিল।

উল্লেখ্য যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৯ আৰু ৫০০ ৰ অধীনত ২৩ মাৰ্চত চুৰাটৰ নিম্ন আদালতে তেওঁক দুবছৰ কাৰাদণ্ড দিয়াৰ পাছতে তেওঁৰ সাংসদ পদ অযোগ্য ঘোষণা কৰা হৈছিল।

You might also like