নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ কেন্দ্রীয় চৰকাৰৰ নতুন তিনি কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদ জনাই সংসদলৈ ট্রেক্টৰ চলাই আহিল কংগ্রেছ সাংসদ ৰাহুল গান্ধী৷ নতুন দিল্লীৰ সীমান্তত আঠ মাহ ধৰি তিনি কৃষি আইন বাতিলৰ দাবীত চলাই থকা কৃষকৰ আন্দোলনক সমর্থন জনাই ৰাহুল গান্ধীয়ে ট্রেক্টৰ চলাই সংসদলৈ আহে যদিও নিৰাপত্তা বাহিনীয়ে সংসদ ভৱনৰ চৌহদত প্রৱেশ কৰিবলৈ নিদিলে৷ সংসদ ভৱনৰ চৌহদত প্রৱেশৰ বাবে যান–বাহনৰ অনুমতি–পত্র নথকা বাবে ৰাহুল গান্ধীৰ ট্রেক্টৰ মূল গেটৰ বাহিৰতে বন্ধ কৰি দিয়ে নিৰাপত্তা বাহিনীয়ে৷
সংসদলৈ ট্রেক্টৰ লৈ অহা ৰাহুল গান্ধীৰ এই যাত্রাত সংগী আছিল দলীয় সতীর্থ তথা ৰাজ্যসভাৰ সাংসদ দীপেন্দৰ হুদা, জ্যেষ্ঠ নেতা ৰণদীপ সূর্যেৱালা আৰু বি ভি শ্রীনিৱাস৷ ১৪৪ ধাৰা ভংগৰ অপৰাধত ৰাহুল গান্ধী, দীপেন্দৰ হুদা আৰু আটাইকে আটক কৰি আৰক্ষীয়ে মন্দিৰ মার্গ আৰক্ষী থানালৈ লৈ যায়৷ সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ৰাহুল গান্ধীয়ে কয়– মোদী চৰকাৰে তিনি বিতর্কিত কৃষি আইন প্রত্যাহাৰ কৰা উচিত৷ কৃষকৰ এই বার্তা তেওঁলোকে সংসদলৈ লৈ আনিছে৷ সংসদৰ কৃষকৰ দাবী সন্দর্ভত আলোচনা কৰিবলৈ এনেদৰে আহিছোঁ৷ কৃষকসকলক ধ্বংস কৰা হৈছে৷ তেওঁলোকৰ কণ্ঠক দমন কৰা হৈছে৷ সেই কাৰণে আমি ইয়ালৈ আহিছোঁ৷ এই আইনকেইখন ক’লা আইন৷ চৰকাৰে প্রত্যাহাৰ কৰা উচিত৷ এই আইনকেইখনে কিছুসংখ্যক ব্যৱসায়ীক লাভান্বিত কৰিব৷ সমগ্র দেশবাসীয়ে এই কথা জানে৷
ইপিনে, দিল্লী চলো অভিযান চলাবলৈ কেইবাসহস্র প্রতিবাদী কৃষকে নতুন দিল্লীৰ সীমান্তত উপস্থিত হোৱাৰ পাছতেই দিল্লী আৰক্ষীয়ে প্রতিবাদী কৃষকক সীমান্তত আবদ্ধ কৰি ৰাখিছিল৷ বিগত বর্ষৰ নৱেম্বৰৰ পৰা আজিলৈকে অর্থাৎ আঠ মাহ ধৰি নতুন দিল্লীৰ সিংঘু সীমান্তত কৃষকসকলে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত আন্দোলন চলাই আছে৷