নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ নতুন নেতা

ৰাষ্ট্রীয় পর্যায়ৰ লগতে অসমতো ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হৈছে কংগ্রেছ৷ ২০১৪ৰ লোকসভা নির্বাচনত বিধ্বস্ত কংগ্রেছে ২০১৬ৰ অসম বিধানসভা নির্বাচনত শোচনীয়ভাৱে পৰাজিত হৈছিল৷ নির্বাচনত কংগ্রেছৰ জয়–পৰাজয় নতুন কথা নহয়৷ ৰাজনীতিৰ পথাৰখনত এনে উত্থান–পতন থাকেই৷ কিন্তু ১৩৬ বছৰীয়া কংগ্রেছে বিগত সাত বছৰত যিদৰে ৰাজনৈতিক দুর্যোগৰ সন্মুখীন হৈছে সেয়া দেশৰ ৰাজনৈতিক ইতিহাসত প্রথম বুলি অভিহিত কৰিব পাৰি৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত অধিকাংশ সময় শাসনত থকাৰ সুযোগ–সুবিধা লাভ কৰিলেও এই সময়ছোৱাত দলটো দুর্যোগৰ সন্মুখীন নোহোৱাকৈ থকা নাছিল৷ নেহৰু–গান্ধী পৰিয়ালে নেতৃত্ব বহন কৰা দলটোৰ পৰা বিগত পাঁচ দশকত অসংখ্য নিষ্ঠাৱান নেতাই আঁতৰি গৈছে৷ কার্যতঃ দলটো কেইবাবাৰো বিভক্ত হৈছে৷ কিন্তু এনে প্রত্যাহ্বান নেওচি দলটোৱে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল৷ বিগত প্রায় এটা দশকত কংগ্রেছে যিদৰে ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হৈছে তাৰ প্রভাৱ প্রধানকৈ পৰিছে দলটোৰ নেতা–কর্মীসকলৰ মাজত৷ যিমানেই নীতি–আদর্শৰ শ্ল’গান আওৰাই নাথাকক কিয়, ৰাজনৈতিক দলসমূহৰ প্রধান লক্ষ্য যে ক্ষমতা দখল, সেয়া চিৰসত্য কথা৷ বিশেষকৈ প্রধান ৰাজনৈতিক দলসমূহে অধিকাংশ সময় প্রকৃতার্থত ব্যয় কৰে ক্ষমতা দখলৰ ৰাজনীতিত৷ ইয়াৰ বাবে প্রয়োজনত বিভিন্ন কাৰণ দেখুৱাই দলীয় নীতি–আদর্শ একাষৰীয়া কৰি থ’বলৈও নেতাসকলে কুণ্ঠাবোধ নকৰে৷ ২০২১ৰ বিধানসভা নির্বাচনত শোচনীয় পৰাজয়ৰ পাছত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক আঁতৰাই উক্ত পদবীত অধিষ্ঠিত কৰা হৈছে প্রাক্তন বিধায়ক ভূপেন কুমাৰ বৰাক৷ একেদৰে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি পদত ক্রমে প্রাক্তন বিধায়ক ৰাণা গোস্বামী, বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থ আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰক নিযুক্তি দিছে কংগ্রেছ হাইকমাণ্ডে৷ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি পদত তিনিজন নেতাক নতুনকৈ নিযুক্তি অসমত কংগ্রেছৰ ইতিহাসত প্রথম৷ ৰাজ্যখনত কংগ্রেছৰ জনসমর্থন দ্রুতগতিত হ্রাস হোৱাৰ ছবিখন স্পষ্ট হোৱাৰ পাছতেই প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনি কৰিছে কংগ্রেছ হাইকমাণ্ডে৷ বিশেষকৈ প্রদেশ কংগ্রেছৰ নৱনিযুক্ত চাৰিওজন শীর্ষ নেতাক বাছনি কৰাৰ ক্ষেত্রত কংগ্রেছ হাইকমাণ্ডে জ্যেষ্ঠ নেতাসকলক অগ্রাধিকাৰ দিয়া নাই৷ কংগ্রেছৰ যুৱ নেতা–কর্মীৰ মনোবল বৃদ্ধিৰ লক্ষ্যৰে যে প্রদেশ কংগ্রেছৰ নতুন বাহিনী গঠন কৰা হৈছে সেয়া স্পষ্ট৷ কিন্তু সাম্প্রতিক পৰিস্থিতিত কংগ্রেছে সন্মুখীন হোৱা অভাৱনীয় দুর্যোগৰ পৰা নতুন নেতৃত্বই দলটোক উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে?
দেশে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ ৰাজনীতিত কংগ্রেছে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতাৰ বাহিৰত থাকিব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল৷ প্রায় দুটা দশকৰ পাছত ২০০১ৰ পৰা ২০১৬লৈ একেৰাহে তিনিটা কার্যকাল দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ জোখাৰে জনাদেশ লাভ কৰিবলৈ সক্ষম হোৱা শতিকাপুৰণি দলটোৱে কিয় এনে অভূতপূর্ব দুর্যোগৰ সন্মুখীন হৈছে সেয়া আত্মমন্থন কৰা উচিত৷ ২০০১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭১খন আসনত জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ২০১১ৰ বিধানসভা নির্বাচনত ৭৯খন আসনত জয়লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা লাভ কৰাৰ সুযোগ পাইছিল দলটোৱে৷ ২০০৬ৰ নির্বাচনৰ তুলনাত কংগ্রেছে ২০১১ৰ বিধানসভা নির্বাচনত ২২খন অধিক আসনত জয়লাভ কৰিছিল৷ চৰকাৰৰ দুটা ধাৰাবাহিক কার্যকালৰ পাছত এনে সফলতা কোনো এটা ৰাজনৈতিক দলৰ বাবে সহজ কথা নহয়৷ কিন্তু তৃতীয় কার্যকালত কংগ্রেছে লাভ কৰা এনে অভূতপূর্ব সাফল্যৰ পাছত ২০১৬ৰ বিধানসভা নির্বাচনত কিয় শোচনীয়ভাৱে পৰাজিত হৈছিল তাৰ অন্তর্নিহিত কাৰণসমূহ কংগ্রেছৰ শীর্ষ নেতৃত্বই যথোচিত পর্যালোচনা কৰি পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ নেতৃত্বৰ দুর্বলতাৰ বাবেই বিগত ১০ বছৰত দলটোৰ বুজনসংখ্যক নিষ্ঠাৱান নেতা–কর্মী আঁতৰি গৈছে৷ ৰাজনৈতিক দলত নেতাৰ অহা–যোৱা নতুন কথা নহয়৷ কিন্তু কংগ্রেছত বিগত সময়ছোৱাত যিদৰে নেতাৰ পদত্যাগৰ ধুম উঠিছে, সেয়া কোনো ৰাজনৈতিক দলতে পূর্বতেও নাছিল, এতিয়াও নাই৷ যিদলে নিষ্ঠাৱান নেতা–কর্মীসকলক ঐক্যবদ্ধ কৰি ৰাখিব নোৱাৰে সেই দলটো যিমানেই শক্তিশালী অথবা ঐতিহ্যবহনকাৰী বুলি দাবী নকৰক কিয়, সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস সহজে লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷ অসমবাসীৰ লগতে দেশবাসীৰ ভৰসা লাভ কৰিবলৈ হ’লে কংগ্রেছে অনাগত দিনবোৰত বহু ত্যাগ কৰিব লাগিব৷ বিশেষকৈ নেহৰু–গান্ধী পৰিয়ালৰ কব্জাৰ পৰা মুক্ত হ’ব লাগিব কংগ্রেছ৷ দেশৰ সচেতন যুৱ প্রজন্মই কোনো কাৰণতে এটি পৰিয়ালৰ নিয়ন্ত্রণত থকা দলটোক আস্থাত ল’ব বিচৰা নাই৷ সাম্প্রতিক ৰাজনীতিত বিৰোধীৰ আসনত থাকি দেশখনক আগবঢ়াই নিয়াৰ যোগ্য নেতৃত্ব দিয়াৰ দক্ষতাও গান্ধী পৰিয়ালে দেখুৱাব পৰা নাই৷ গান্ধী পৰিয়ালে দলটো পৰিচালনাৰ বাবে নতুন প্রজন্মৰ নিষ্ঠাৱান নেতাসকলক এৰি নিদিলে দলটোৱে পুনৰ শক্তিধৰ হৈ উঠাৰ আশা ক্ষীণ৷ ৰাষ্ট্রীয় পর্যায়ত দলটোত সংস্কাৰ নহ’লে অসমত নতুন প্রজন্মৰ নেতাই অসমবাসীৰ আশাপ্রদ সফলতা লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷

You might also like