🔹 ৰেহাই দিবলৈ জনোৱা ৰাহুল গান্ধীৰ আবেদন খাৰিজ
নিউজ ডেস্ক, ৬ মার্চ : বীৰ ছাভাৰকাৰ গোচৰত কালি আদালতত উপস্থিত নথকা বাবে কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ২০০ টকা জৰিমনা বিহে লক্ষ্ণৌৰ আদালতে৷ কালি লক্ষ্ণৌ আদালতত বীৰ ছাভাৰকাৰ গোচৰত ৰাহুল গান্ধীক উপস্থিত থাকিবলৈ চমন দিয়া হৈছিল যদিও গান্ধীৰ অধিবক্তাই পূর্বৰ নির্ধাৰিত কার্যসূচীৰ বাবে আদালতত উপস্থিত থকাৰ পৰা তেওঁক ৰেহাই দিব লাগে বুলি আবেদন জনায়৷ আবেদনত বিৰোধী দলপতি হিচাপে পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি, বিদেশী প্রতিনিধিৰ সৈতে বৈঠক থকাৰ বাবেই আদালতত ৰাহুল গান্ধী উপস্থিত থাকিব নোৱাৰে বুলি উল্লেখ কৰে৷ আদালতে ৰাহুল গান্ধীৰ এই আবেদন খাৰিজ কৰি উপস্থিত নথকাৰ বাবে ২০০ টকাৰ জৰিমনা বিহে আৰু পৰৱর্তী ১৪ এপ্রিলত ৰাহুল গান্ধীক সোঁ–শৰীৰে উপস্থিত থাকিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ২০২২ চনৰ ১৭ ডিচেম্বৰত ৰাহুল গান্ধীয়ে মহাৰাষ্ট্রৰ ওকলাত এখন সংবাদ মেলত স্বাধীনতা যুঁজাৰু বীৰ ছাভাৰকাৰৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়াইছিল৷ ছাভাৰকাৰৰ বিৰুদ্ধে বিতর্কিত মন্তব্য আগবঢ়োৱাৰ বাবে লক্ষ্ণৌৰ আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ এই গোচৰ মর্মে আদালতে ৰাহুল গান্ধীক উপস্থিত থাকিবলৈ নির্দেশ দিছিল যদিও উপস্থিত নথকাৰ বাবে ২০০ টকাৰ জৰিমনা বিহে৷