🔹 দিল্লী উচ্চ ন্যায়ালয়ত আবেদন প্রাক্তন বিজেপি সাংসদ সুব্রমণিয়ম স্বামীৰ
নিউজ ডেস্ক, ১৭ আগষ্ট : সংসদৰ বিৰোধী দলনেতা ৰাহুল গান্ধীক ‘ব্রিটেইনৰ নাগৰিক’ বুলি দাবী কৰি নেতাগৰাকীৰ সাংসদ পদ আৰু ভাৰতীয় নাগৰিকত্ব বাতিল কৰাৰ আবেদন জনাই এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল প্রাক্তন বিজেপি সাংসদ সুব্রমণিয়ম স্বামী৷ দিল্লী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনত স্বামীয়ে দাবী কৰিছে যে ব্রিটিছ সংস্থা বেকপছ লিমিটেডৰ জৰিয়তে ২০০৫–০৬ চনত ৰাহুলে দাখিল কৰা বার্ষিক ৰিটার্ন সম্পর্কীয় নথিবোৰ তেওঁৰ ব্রিটেইনৰ নাগৰিকত্বৰ প্রমাণ৷ এই নথিবোৰত ৰাহুল গান্ধীয়ে নিজকে ব্রিটিছ নাগৰিক বুলি ঘোষণা কৰিছিল বুলিও স্বামীয়ে দাবী কৰিছে৷ ভাৰতৰ আইন অনুসৰি দ্বৈত নাগৰিকত্ব ৰখাৰ অনুমতি নাই৷ সেইবাবেই অন্য কোনো দেশৰ নাগৰিক হ’লেও সমান্তৰালভাৱে ভাৰতৰ নাগৰিক হ’ব নোৱাৰে বুলি স্বামীয়ে এই আবেদনত উল্লেখ কৰিছে৷ স্বামীৰ মতে, দুয়োখন দেশৰ যিহেতু ৰাহুলৰ নাগৰিকত্ব আছে, গতিকে ভাৰতৰ নাগৰিকত্ব তেওঁ হেৰুৱাব লাগিব৷ এই পৰিস্থিতিত লোকসভাৰ বিৰোধী দলনেতাগৰাকীৰ নাগৰিকত্ব বাতিল কৰি পাৰপত্র বাজেয়াপ্ত কৰাৰো দাবী তুলিছে স্বামীয়ে৷ আদালতত স্বামীয়ে উল্লেখ কৰিছে যে ২০০৩ চনত ব্রিটিছ কোম্পানীটোৰ ৰাহুল অন্যতম সঞ্চালক আছিল৷ ইয়াৰ পূর্বে দিল্লীৰ এখন আদালতত যোৱা বছৰ এই দাবী তুলিছিল স্বামীয়ে৷ স্বামীৰ এই আবেদন অগ্রাহ্য কৰিছিল আদালতখনে৷ ৰাহুল ব্রিটেইনৰ নাগৰিক বুলি দাবী তুলি নেতাগৰাকীৰ নাগৰিকত্ব বাতিল কৰাৰ আবেদন জনাই লোকসভাৰ নির্বাচনৰ পূর্বেই এক জনস্বার্থজড়িত আবেদন দাখিল হৈছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত৷ কিন্তু সেই আবেদন খাৰিজ কৰি দিছিল ন্যায়ালয়ে৷ তেতিয়া আবেদনকাৰীক ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৯(২) ধাৰা অনুসৰি উপযুক্ত কর্তৃপক্ষৰ দ্বাৰস্থ হোৱাৰ অনুমতি দিছিল ন্যায়ালয়ে৷