নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’ল ষ্টেচনৰ প্লেটফর্মৰ টিকটৰ মূল্য ৩০ টকা

নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ৰে’লৱে ষ্টেচনৰ প্লেটফর্মৰ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে৷ আজি ভাৰতীয় ৰে’লৱেই নতুন নির্দেশনা জাৰি কৰি প্লেটফর্মৰ টিকটৰ মূল্য ১০ টকাৰ পৰা ৩০ টকাকৈ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে ৰে’লৱে ষ্টেচনত প্রৱেশ কৰি দুঘণ্টা সময় ধৰি থাকিবলৈ হ’লে এজন ব্যক্তিক প্লেটফর্মৰ টিকটৰ প্রয়োজন হয়৷ অৱশ্যে ৰে’লত ভ্রমণ কৰিবলগীয়া যাত্রীয়ে প্লেটফর্মৰ টিকট ক্রয় কৰিব নালাগে৷ আনপিনে, ৰে’লৱে বিভাগে আজি স্থানীয় ৰে’লৰ ভাৰাও পুনৰ সংশোধন কৰিছে৷ নতুন নিৰিখ অনুসৰি স্থানীয় ৰে’লৰ নূ্যনতম ভাৰা ৩০ টকা হ’ব৷ ইয়াৰ পূর্বে স্থানীয় ৰে’লত নূ্যনতম ভাৰা ১০ টকা আছিল৷ উল্লেখ্য যে ফেব্রুৱাৰী মাহত হ্রস্ব দূৰত্বৰ যাত্রীবাহী ৰে’লৰ ভাৰা বৃদ্ধি পোৱাৰ পিছত স্থানীয় ৰে’লৰ ভাৰাও বৃদ্ধি কৰা হৈছে৷ তাৎপর্যপূর্ণ যে প্লেটফর্মৰ টিকটৰ মূল্য বৃদ্ধি কৰাক লৈ প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগে লগে ৰে’লৱে বিভাগে স্পষ্ট কৰি দিয়ে ৰে’লৱে ষ্টেচনৰ ফ্লেটফর্মত ভিৰ হ্রাস কৰিবলৈ টিকটৰ মূল্য বৃদ্ধি কৰিবলগীয়া হৈছে৷ যাত্রীৰ সুৰক্ষা আৰু ষ্টেচনত অযথা ভিৰ নিয়ন্ত্রণ কৰিবলৈ সাময়িক পদক্ষেপ হিচাপে প্লেটফর্মৰ টিকটৰ মূল্য কৰা হৈছে বুলিও ৰে’লৱেৰ বিবৃতিত প্রকাশ৷

You might also like