নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আটাইতকৈ বেছি দুর্নীতিত লিপ্ত ৰে’লকর্মী

🔹 চেন্ট্ৰেল ভিজিলেঞ্চ কমিছনৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ২০২৩ চনত দেশত আটাইতকৈ বেছি দুর্নীতিৰ অভিযোগ উঠিছিল ৰে’ল বিভাগৰ কর্মীসকলৰ বিৰুদ্ধে৷ কেন্দ্রীয় নিৰীক্ষণ আয়োগ (চিভিচি)ৰ ওচৰত এই অভিযোগ দাখিল হৈছিল৷ দ্বিতীয় স্থানত আছে দিল্লী পৌৰ প্রশাসনৰ কর্মী তথা বিষয়াসকল৷ আনফালে, দুর্নীতিৰ অভিযোগত তৃতীয় স্থানত আছে ৰাষ্ট্রীয় বেংকৰ কর্মীসকল৷ চিভিচিৰ তথ্য অনুসৰি, ২০২৩ চনত বিভিন্ন বিভাগৰ পৰা মুঠ ৭৪,২০৩টা জালিয়াতি সম্পর্কীয় অভিযোগ দাখিল হৈছিল৷ ইয়াৰ ভিতৰত ৬৬,৩৭৩টাৰ বিচাৰ হৈছে৷ বাকী আছে ৭,৮৩০টা৷ বর্ষটোত আটাইতকৈ বেছি অর্থাৎ ১০,৪৪৭টা অভিযোগ দাখিল হৈছে ৰে’লকর্মীসকলৰ বিৰুদ্ধে৷ ইয়াৰ পাছতে দিল্লীৰ পৌৰ প্রশাসনৰ কর্মীসকলৰ বিৰুদ্ধে ৭,৬৬৫টা অভিযোগ দাখিল হৈছে৷ চিভিচিৰ প্রতিবেদন অনুসৰি, দেশৰ ভিতৰতেই আটাইতকৈ বেছি দুর্নীতি তথা জালিয়াতি চলি থকা বিভাগটো হৈছে ৰে’ল বিভাগ৷ ৰে’ল বিভাগৰ গৰিষ্ঠসংখ্যক কর্মী তথা বিষয়া দুর্নীতিত লিপ্ত হয়৷ চিভিচিৰ তথ্যই সেয়া স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে দিল্লীৰ বিভিন্ন বিভাগৰ তৰফৰ পৰাও চিভিচিৰ ওচৰত অভিযোগ উত্থাপন হৈছে৷ কিন্তু দিল্লী পৌৰ প্রশাসনৰ কর্মী আৰু বিষয়াৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ আন বিভাগতকৈ বেছি৷ স্মর্তব্য যে দুবছৰ ধৰি দেশৰ ৰে’ল বিভাগেই আটাইতকৈ চর্চাত থকা বিভাগ৷

You might also like