🔹 উচ্চতম ন্যায়ালয়ৰ প্রশ্ণৰ সন্মুখীন ৰাজস্থান চৰকাৰ
নিউজ ডেস্ক, ২৪ মে’ : ৰাজস্থানৰ কোটাত শিক্ষার্থীৰ মৃ*ত্যুৰ ঘটনাক লৈ উদ্বিগ্ণ উচ্চতম ন্যায়ালয় ৷ কিয় বাৰে বাৰে কোটাত শিক্ষার্থীসকলে আ*ত্মহ*ত্যাৰ পথ বাছি লৈছে! এই সন্দর্ভত প্রশ্ণ তুলিলে দেশৰ শীর্ষ আদালতখনে৷ কোটাত অধিকসংখ্যক শিক্ষার্থীৰ মৃ*ত্যুৰ কাৰণ আ*ত্মহ*ত্যা ৷ বিষয়টো গুৰুতৰ বুলি মন্তব্য কৰিছে শীর্ষ আদালতখনে৷ ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠত কোটাত শিক্ষার্থীৰ আ*ত্মহ*ত্যাৰ বিষয়টো উত্থাপন হয়৷ বিচাৰপীঠখনে উল্লেখ কৰে যে চলিত বর্ষত ক’চিং হাব কোটাত ইতিমধ্যে ১৫জন শিক্ষার্থীয়ে আ*ত্মহ*ত্যা কৰিছে ৷ শুনানিত ন্যায়াধীশ পার্ডিৱালাই ৰাজস্থান চৰকাৰক প্রত্যক্ষভাৱে প্রশ্ণ কৰে– ‘আপোনালোকে কি কৰিছে? কিয় কেৱল কোটাত শিক্ষার্থীসকলে আ*ত্মহ*ত্যা কৰিছে৷ চৰকাৰে এই সন্দর্ভত কি চিন্তা–চর্চা কৰিছে?’ ইয়াৰ উত্তৰ বিচৰা হৈছে ৰাজস্থান চৰকাৰৰ পৰা৷ লক্ষণীয়ভাৱে চৰকাৰে এই সন্দর্ভত শীর্ষ আদালতখনক জনায় যে কোটাত শিক্ষার্থীৰ আ*ত্মহ*ত্যাৰ ঘটনাটো তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰা হৈছে৷ চলিত মাহত আৰম্ভণিতে কোটাত নীট শিক্ষার্থী এজনে আ*ত্মহ*ত্যা কৰিছে৷ লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি কোটাত নীটৰ বাবে প্রস্তুতি চলোৱা শিক্ষার্থীয়ে আ*ত্মহ*ত্যা কৰি আহিছে৷