নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত উৎকোচ গ্রহণ কৰা বিধায়কক গ্রেপ্তাৰ

🔹 বিধানসভাৰ প্রশ্নৰ বাবে ২.৫ কোটি টকা

নিউজ ডেস্ক, ৬ মে’ : উৎকোচ লোৱাৰ অভিযোগত ভাৰত আদিবাসী পার্টী (বিএপি)ৰ বিধায়ক জয়কৃষ্ণ পেটেলক গ্রেপ্তাৰ কৰিলে ৰাজস্থানৰ দুর্নীতি প্রতিৰোধ ব্যুৰ’ (এচিবি)–এ৷ অভিযোগ অনুসৰি, বিধানসভাত ৩টা প্রশ্ন বাদ দিয়াৰ বাবে দুই কোটি ৫০ লাখ টকা উৎকোচ লৈছিল পেটেলে৷ এচিবিৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, পৰহি উৎকোচৰ প্রথম কিস্তি হিচাপে ২০ লাখ লোৱাৰ সময়ত কৰায়ত্ত কৰা হয় পেটেলক৷ ৰাজস্থান এচিবিৰ হাতত দুর্নীতিৰ অভিযোগত প্রথমবাৰলৈ কোনো বিধায়ক এনেদৰে হাতে–লোটে গ্রেপ্তাৰ হৈছে৷ এই ঘটনাক কেন্দ্র কৰি ৰাজস্থানত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷

You might also like