নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ দেশৰ নির্বাচন আয়োগৰ নতুন আয়ুক্ত হিচাপে কালি দায়িত্ব লাভ কৰিছে প্রাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰে৷ নির্বাচন আয়োগত মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰা তথা নির্বাচন আয়ুক্ত সুশীল চন্দ্রাৰ সৈতে কালি একেলগে কামত অংশগ্রহণ কৰে ৰাজীৱ কুমাৰে৷
উল্লেখনীয় যে ১৮ আগষ্টত অশোক লাভাছাই নির্বাচন আয়ুক্তৰ দায়িত্ব এৰাৰ পিছতে ৰাজীৱ কুমাৰে এই নতুন দায়িত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে৷ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে কুমাৰক নিযুক্ত কৰাৰ পিছতে কালিৰ পৰা বিষয়াগৰাকীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিছে৷
স্মর্তব্য যে ১৯৮৪ চনত আই এ এছ বিষয়া ৰাজীৱ কুমাৰৰ নিযুক্তিৰ কথা প্রথম আইন আৰু ন্যায় মন্ত্রণালয়ে এক বিবৃতিযোগে ঘোষণা কৰিছিল৷ বিগত তিনি দশকতকৈ অধিক কাল ৰাজীৱ কুমাৰে গৃহৰাজ্য ঝাৰখণ্ডত প্রশাসনিক ক্ষেত্রত বিভিন্ন গুৰুত্বপূর্ণ পদবীত সেৱা আগবঢ়াইছিল৷