নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা সাংসদৰ ২৪ শতাংশৰ আছে অপৰাধমূলক গোচৰ

এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)ৰ প্রতিবেদনত উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ   ৰাজনীতি অপৰাধীমুক্তকৰণ দেশত শ্লোগান হৈ আছে৷ দেশৰ ৰাজনৈতিক দলসমূহে ৰাজনীতিক অপৰাধীমুক্তকৰণৰ পোষকতা কৰে যদিও কার্যতঃ ইয়াৰ বিপৰীত ছবি এখন প্রতিফলিত হয়৷ ৰাজ্যসভাৰ সাংসদসকলৰ স্ব–ঘোষিত শপতনামাৰ আধাৰত এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ)–এ প্রস্তুত কৰা শেহতীয়া প্রতিবেদনত ৰাজনীতিত অপৰাধীৰ সবল স্থিতি স্পষ্ট হৈ পৰিছে৷ এডিআৰৰ প্রতিবেদন মতে, ৰাজ্যসভাত ২৪ শতাংশ সাংসদৰ আছে অপৰাধমূলক গোচৰ৷ ইয়াৰে ১২ শতাংশৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ৷ তথ্য মতে, ২২৯জন ৰাজ্যসভাৰ সাংসদৰ ভিতৰত ৫৪গৰাকীৰ আছে বিভিন্ন অপৰাধমূলক গোচৰ৷ ইয়াৰে ২৮জন অর্থাৎ ১২ শতাংশৰ অপৰাধ গুৰুতৰ৷ প্রতিবেদন মতে, ৭৭গৰাকী বিজেপি সাংসদৰ ভিতৰত ১৪গৰাকী আৰু ৪০গৰাকী কংগ্রেছ সাংসদৰ ভিতৰত ৮গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ তিনিখন আসন খালী হৈ থকাৰ বিপৰীতে কেৰালাৰ সাংসদ কে কে ৰাগেছৰ শপতনামা এই প্রতিবেদনত সন্নিৱিষ্ট হোৱা নাই৷ আনহাতে, ২০৩গৰাকী সাংসদ তথা ৮৯ শতাংশ সাংসদৰ সম্পত্তিৰ মূল্য ১ কোটিতকৈ অধিক৷ ৪,০৭৮ কোটি টকাৰ সম্পত্তিৰে বিহাৰৰ জে ডি ইউৰ সাংসদ মহেন্দ্র প্রসাদ শীর্ষত আছে৷

You might also like