নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ৰামলীলাৰ মঞ্চত হৃদৰোগত মৃত্যু ‘ৰাম’ৰ

🔹 আৱেগজর্জৰ কণ্ঠৰে সংলাপ কৈ ঢলি পৰিল ৰামৰ চৰিত্রাভিনেতাই

নিউজ ডেস্ক, ৭ অক্টোবৰ : মঞ্চত চলি আছে ৰামলীলা৷ দুহাত সন্মুখলৈ আগবঢ়াই আৱেগজর্জৰ কণ্ঠৰে সংলাপ কৈ গৈছে ৰামৰ চৰিত্রাভিনেতাই৷ হঠাতে ‘ৰাম’ক বুকুত হাত দিয়া দেখিবলৈ পোৱা গ’ল৷ দ্রুতগতিত তেওঁ মঞ্চৰ পিছফালে গুচি গ’ল আৰু গৈয়েই ঢলি পৰিল। দিল্লীত এনেদৰে মর্মান্তিক মৃত্যু হৈছে ৪৫ বছৰীয়া এগৰাকী ব্যক্তিৰ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দিল্লীৰ শ্বাহদাৰাৰ জয় শ্রীৰামলীলা বিশ্বকর্মা নগৰৰ ভিডিঅ’টো৷ তাত দেখিবলৈ পোৱা গৈছে- কেনেদৰে অভিনয় কৰি কৰি হঠাতে মৃত্যুৰ কোলাত ঢলি পৰিল সুশীল কৌশিক নামৰ ৰামৰ চৰিত্রত অভিনয় কৰা শিল্পীগৰাকী৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অচেতন অৱস্থাত কৌশিকক স্থানীয় হাস্পতাললৈ লৈ যোৱা হয়৷ হাস্পতালত চিকিৎসকে কৌশিকক মৃত বুলি ঘোষণা কৰে৷ হূদৰোগত আক্রান্ত হৈ কৌশিকৰ মৃত্যু হোৱা বুলি জনায় চিকিৎসকে৷ ইয়াৰ পূর্বে জানুৱাৰীত একেই ধৰণে মৃত্যু হৈছিল হাৰিয়ানাৰ ভিৱানিৰ বাসিন্দা ৬২ বছৰীয়া এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ৷ ৰামলীলাত তেওঁ অভিনয় কৰিছিল হনুমানৰ চৰিত্রত৷ হূদৰোগত আক্রান্ত হৈয়ে মৃত্যু হৈছিল এই ব্যক্তিগৰাকীৰো৷ তাৰ পূর্বে উত্তৰ প্রদেশৰ অযোধ্যাত মৃত্যু হৈছিল ৰাৱণৰ চৰিত্রত অভিনয় কৰা এগৰাকী ব্যক্তিৰ৷ সকলোৰে সন্মুখতে সংলাপ কৈ কৈ প্রাণ হেৰুৱায় ৰাৱণৰ চৰিত্রাভিনেতাগৰাকীয়ে৷ এইবাৰ দিল্লীও অনুৰূপ ঘটনাৰ সাক্ষী হ’ল৷ দিল্লীত সুশীল কৌশিকৰ মৃত্যুৰ পাছত গভীৰ শোক প্রকাশ কৰিছে ৰামলীলাৰ অন্যান্য কলা–কুশলীসকলে৷ কৌশিক এগৰাকী দৰদী হূদয়ৰ ব্যক্তি আছিল বুলি ৰামলীলাৰ টীমে সংবাদ মাধ্যমক জনায়৷

You might also like