নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্চালৈ আহিছে ৰামলালাৰ ‘তিনি বন্ধু’ৰ নাম

🔹 ৰাম মন্দিৰৰ বাবে দীর্ঘদিন চলাইছিল আইনী যুঁজ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন আৰু ‘ৰামলালা’ত প্রাণ প্রতিষ্ঠা কেনেদৰে সম্ভৱ হ’ল, তাক লৈ বিভিন্ন মহলে অতীতলৈ ভুমুকি মাৰি চাইছে৷ নৈতিকভাৱেই ৰাম মন্দিৰ উদ্বোধনৰ প্রাক্ক্ষণত ৰামলালাৰ ‘কাষৰ বন্ধু’ দেওকি নন্দন আগৰৱালাৰ কথা উঠি আহিছে৷ ইয়াৰ লগতে চর্চালৈ আহিছে ঠাকুৰ প্রসাদ বার্মা আৰু ত্রিলোকী নাথ পাণ্ডেৰ কথা৷ ১৯৮৯ চনৰ পৰা ৰামলালাৰ তৰফৰ পৰা আদালতত আইনী যুঁজ চলাইছিল উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত বিচাৰপতি দেওকি নন্দন আগৰৱালাই৷ পৰৱর্তী সময়ত বিশ্ব হিন্দু পৰিষদৰ উপ–সভাপতি হয় এই দেওকি নন্দন৷ দেওকি নন্দনৰ মৃত্যুৰ পাছত আইনী যুঁজ চলায় বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক ঠাকুৰ প্রসাদ বার্মাই৷ ইয়াৰ পাছত ২০১০ চনত এই দায়িত্ব লাভ কৰে ত্রিলোকী নাথ পাণ্ডেই৷ তিনিওগৰাকীৰ নাম পুনৰ চর্চালৈ আহিছে৷

You might also like