🔹 ভাৰতত ইয়াৰ পূর্বে ইমান দামত বিক্রী হোৱা নাছিল কোনো ফ্লেট
নিউজ ডেস্ক, ৯ ডিচেম্বৰ : এটা ফ্লেটৰ দাম ১৯০ কোটি টকা! শুনিবলৈ আচৰিত লাগিলেও গুৰুগ্রামৰ এটা কমপ্লেক্সত এই বৃহৎ অংকৰ বিনিয়মত বিক্রী হৈছে ফ্লেট৷ সেই সম্পত্তিৰ মালিক ঋষি পাৰতি৷ ফ্লেটৰ কথা কোৱা হ’লেও আচলতে সেয়া পেণ্টহাউছ৷ সু–সজ্জিত এই পেণ্টহাউছ এতিয়া আলোচ্যৰ বিষয়৷ অকল সেয়াই নহয়, এই ফ্লেটৰ প্রতিবর্গফুট দামৰ হিচাপো দেশৰ ভিতৰত আটাইতকৈ বেছি৷ ‘ইউজেক্সটেপ’ নামৰ এটা সংস্থাৰ পৰা পোৱা তথ্য অনুসৰি, ছফ্টৱেৰ সংস্থা এটাৰ সঞ্চালক ঋষিয়ে ক্রয় কৰা পেণ্টহাউছটো ১৬,২৯০ বর্গফুটৰ৷ যোৱা ২ ডিচেম্বৰত ঋষিৰ সৈতে এই কমপ্লেক্স প্রস্তুতকাৰক সংস্থাৰ চুক্তি হয়৷ লক্ষণীয় যে ফ্লেটটো ক্রয়ৰ সময়ত ১৩ কোটি টকাৰ ষ্টেম্প ডিউটী দিবলগীয়া হৈছে সংস্থাটোৱে৷ স্মর্তব্য যে ভাৰতত ইয়াৰ পূর্বে ইমান দামত কোনো ফ্লেট বিক্রী হোৱা নাছিল৷ গুৰুগ্রামৰ এই ফ্লেটে মুম্বাইৰ বহু মূল্যৰ বিলাসী ফ্লেটক অতিক্রম কৰিছে৷ স্মর্তব্য যে দিল্লী তথা ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত ‘ছুপাৰ এৰিয়া’ ভিত্তিত সম্পত্তিৰ দাম ঠিক হয়৷