নিউজ ডেস্ক, ১০ মে’ : ভাৰত–পাকিস্তানৰ মাজত অশান্তি তুংগত উঠা সময়তে দেশৰ হাস্পতালসমূহৰ ছাদত ৰেড ক্রছ চিহ্ণ অংকন কৰাৰ নির্দেশ দিছে চৰকাৰে৷ জম্মু–কাশ্মীৰৰ হাস্পতালসমূহত ইতিমধ্যে এই ‘ৰেড ক্রছ’ চিহ্ণ অংকনৰ কাম আৰম্ভ কৰা হৈছে৷ এইবাৰ সমগ্র দেশজুৰি হাস্পতালৰ ছাদত এই চিহ্ণ অংকনৰ নির্দেশ দিছে স্বাস্থ্য সেৱা সঞ্চালকালয়ে৷ কিন্তু কিয় অংকন কৰা হ’ব এই চিহ্ণ! ১৯৪৯ চনত জেনেভা কনভেনচনত এই ‘ৰেড ক্রছ’ চিহ্ণক লৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ কোনো দেশত যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হ’লে সেই দেশত চিকিৎসা সেৱাৰ সৈতে জড়িত গাঁথনি বা অন্যান্য সুবিধাসমূহৰ ওপৰত যাতে আঘাত নপৰে, সেইবাবে এই চিহ্ণ ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ জেনেভা কনভেনচনৰ সিদ্ধান্ত অনুসৰি যুদ্ধ পৰিস্থিতিত প্রতিপক্ষ দেশৰ হাস্পতাল স্বাস্থ্য পৰিগাঁথনিৰ ওপৰত কোনোধৰণে যাতে আঘাত নপৰে, সেই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্পষ্টভাৱে, নজৰলৈ অহাকৈ এই চিহ্ণ অংকনৰ নির্দেশ দিয়া হৈছিল৷ বিপক্ষৰ যুদ্ধ বিমানে যাতে এই চিহ্ণ প্রত্যক্ষ কৰি সেয়া স্বাস্থ্য সেৱাৰ সৈতে জড়িত প্রাসাদ বুলি নিশ্চিত হ’ব পাৰে, সেইবাবে এই চিহ্ণ হাস্পতালৰ ছাদৰ ওপৰত অংকনৰ নির্দেশ দিয়া হৈছিল৷ মূলতঃ বগা বেকগ্রাউণ্ডৰ ওপৰত ৰঙা ৰং দি এই ‘ক্রছ’ চিহ্ণ অংকন কৰা হয়৷ ভাৰত–পাক সংঘাতৰ মাজত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দেশৰ চিকিৎসা সেৱাৰ সৈতে জড়িত সকলো গাঁথনিত এই চিহ্ণ অংকনৰ নির্দেশ দিয়া হৈছে৷ ইতিমধ্যে পাকিস্তানৰ আক্রমণৰ সন্মুখীন হোৱা জম্মু–কাশ্মীৰত এই কাম আৰম্ভ কৰা হৈছে৷ দেশৰ অন্য ৰাজ্যসমূহতো শীঘ্রে এই কাম আৰম্ভ কৰিবলৈ নির্দেশ দিছে কেন্দ্রীয় স্বাস্থ্য সঞ্চালকালয়ে৷