নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গ্রেপ্তাৰ কৰা কৃষকক মুক্তি দি আলোচনাৰ পৰিৱেশ সৃষ্টি কৰক’

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ তিনি কৃষি আইন বাতিলৰ দাবীত আন্দোলন কৰি থকা কৃষকৰ গণৰাজ্য দিৱসৰ ট্রেক্টৰ সমদলৰ সময়ত সৃষ্টি হোৱা সংঘর্ষত জড়িত থকাৰ অভযোগত গ্রেপ্তাৰ কৰা প্রতিবাদকাৰীসকলক্ শীঘ্রে মুকলি কৰি দিয়াৰ দাবী জনাইছে কৃষক নেতা নৰেশ টিকাইটে৷ কৃষক নেতাগৰাকীয়ে উল্লেখ কৰিছে যে কেন্দ্রীয় চৰকাৰে প্রতিবাদকাৰী কৃষকসকলক শীঘ্রে মুকলি কৰি দিয়াৰ উপৰি এক ইতিবাচক আলোচনাৰ পৰিৱেশ সৃষ্টিৰ বাবে প্রস্তুতি চলোৱা উচিত৷

সংবাদ সংস্থা পি টি আয়ে এক প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে কৃষক আৰু আৰক্ষীৰ সংঘর্ষত জড়িত থকাৰ অভিযোগত ৮৪জন প্রতিবাদকাৰী কৃষকক দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷   নৰেশ টিকাইটে উল্লেখ কৰিছে যে কোনো ধৰণৰ চাপৰ মাজত কৃষকে কৃষি আইন সন্দর্ভত কোনো সন্মতি নজনায়৷ কৃষকসকল এক সন্মানপূর্বক সমাধানত উপনীত হ’বলৈ আগ্রহী বুলিও গাজিপুৰ সীমান্তত আজি উল্লেখ কৰিছে নেতাগৰাকীয়ে৷

You might also like