নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগত ৰেমালৰ ৰুদ্রৰূপ–ৰাজস্থানত তাপদহন

🔹 ৰুষ্ট প্রকৃতিৰ দেশত তাণ্ডৱ

বিশেষ বাৰ্তা, ২৭ মে’ : ভয়াৱহ তাপদহনে দেশৰ বিভিন্ন প্রান্তৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰাৰ সময়তে সামুদ্রিক ধুমুহা ‘ৰেমাল’ আহিছে পশ্চিমবংগ অভিমুখে৷ কালি বিয়লিৰে পৰা এই সন্দর্ভত প্রস্তুতি চলাইছে দুর্যোগ ব্যৱস্থাপনা বাহিনীৰ লগতে নৌসেনাই৷ পশ্চিমবংগৰ বিভিন্ন স্থানত ঘণ্টাত ১২০–১৩০ কিলোমিটাৰ বেগেৰে এই ধুমুহাই খুন্দিয়াব বুলি সতর্কবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে৷ উল্লেখনীয় যে বংগোপ সাগৰত নিম্নচাপ সৃষ্টিৰ ফলত সামুদ্রিক ঘূর্ণি ধুমুহা ‘ৰেমাল’ৰ উৎপত্তি হৈছে৷ কালি মাজনিশা পশ্চিমবংগৰ সাগৰদ্বীপ আৰু বাংলাদেশৰ খেপুপাৰাৰ মাজৰ সমুদ্র উপকূলত এই ধুমুহাই তাণ্ডৱ সৃষ্টি কৰিব বুলি সতর্কবাণী কৰা হৈছিল৷ ইতিমধ্যে পশ্চিমবংগ চৰকাৰে উপকূলৱর্তী অঞ্চলৰ পৰা ১,১০,০০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে৷ সুন্দৰবন আৰু সাগৰদ্বীপ অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা বুলি পশ্চিমবংগ চৰকাৰৰ সূত্রই সদৰী কৰিছে৷ সুন্দৰবন আৰু সাগৰদ্বীপত এই ধুমুহাই অধিক ক্ষতিসাধন কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই ঘূর্ণি ধুমুহাৰ মোকাবিলা সন্দর্ভত প্রস্তুতিৰ সবিশেষ জানিবলৈ এক জৰুৰী বৈঠক আহ্বান কৰে৷ ইতিমধ্যে দীঘাৰ সমুদ্র উপকূলত আৰম্ভ হৈছে ধুমুহাৰ তাণ্ডৱ৷ প্রচণ্ড বতাহত দীঘাৰ জলৰাশিত আৰম্ভ হৈছে অভাৱনীয় জোৱাৰ৷ ওড়িশাৰ সমুদ্র উপকূলৰ পৰা ২০ সহস্রাধিক মাছমৰীয়াৰ নাও নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ বতৰ বিজ্ঞান বিভাগে সতর্কবার্তা জাৰি কৰাৰ সময়তে দেশৰ বিভিন্ন প্রান্তত অব্যাহত আছে ভয়াৱহ তাপপ্রৱাহ৷ মৰু ৰাজ্য ৰাজস্থানত তাপমাত্রাই ৫০ ডিগ্রী চেলচিয়াছ অতিক্রম কৰিছে৷ এই প্রাণঘাতী তাপপ্রৱাহৰ ফলত ৰাজস্থানত ইতিমধ্যে প্রাণ হেৰুৱাইছে ১৮গৰাকী লোকে৷ পৰহি ৰাজ্যখনৰ বিভিন্ন চহৰত তাপমাত্রা ৫০ ডিগ্রী আছিল৷ লক্ষণীয়ভাৱে মৰু ৰাজ্য ৰাজস্থানত দেশৰ অন্য প্রান্তৰ তুলনাত তাপদহন বেছি যদিও এইবাৰ ৫০ ডিগ্রী চেলচিয়াছেৰে অভিলেখ সৃষ্টি হৈছে ৰাজ্যখনত৷ যোৱা শুকুৰবাৰে ৰাজস্থানৰ বাৰমেৰ, আজমেৰ, বিকানেৰ, কোটা, জয়ছালমেৰ আদি চহৰত তাপমাত্রা ৪৮ ডিগ্রীৰ পৰা ৫০ ডিগ্রীৰ ভিতৰত আছিল৷ পৰহি এই চহৰবোৰত তাপমাত্রাই প্রায় ৫০ ডিগ্রী স্পর্শ কৰে৷ অর্থাৎ ভয়াৱহ তাপদহনত দহিছে ৰাজস্থান৷ ইয়াৰ উপৰি দেশৰ অন্যান্য প্রান্ততো পাৰাস্তম্ভই ৪৫ ডিগ্রী চেলচিয়াছ অতিক্রম কৰিছে৷ কালি দেশৰ কেইবাখনো গুৰুত্বপূর্ণ চহৰৰ তাপমাত্রা আছিল এনেধৰণৰ–‘দিল্লী ৪৭ ডিগ্রী, আগ্রা ৪৫ ডিগ্রী, নাগপুৰ ৪৯ ডিগ্রী, হায়দৰাবাদ ৪৫ ডিগ্রী, পুনে ৪২ ডিগ্রী, আহমেদাবাদ ৪৬ ডিগ্রী, মুম্বাই ৪৩ ডিগ্রী, নাছিক ৪২ ডিগ্রী, বেংগালুৰু ৪০ ডিগ্রী, চেন্নাই ৪৫ ডিগ্রী আৰু গুৱাহাটী ৪১ ডিগ্রী৷

You might also like