ৰিপাব্লিক টিভিৰ চিই’ক গ্রেপ্তাৰ মুম্বাই আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ভুৱা টিআৰপি গোচৰত মুম্বাই আৰক্ষীৰ ক্রাইম ব্রাঞ্চে দেওবাৰে ৰিপাব্লিক টিভিৰ চিই’ বিকাশ খনচান্দানীক গ্রেপ্তাৰ কৰে৷ খনচান্দানীক মুম্বাইৰ এখন আদালতে ১৫ ডিচেম্বৰ পর্যন্ত আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ এই গোচৰত ইতিমধ্যে আন ১২জনক গ্রেপ্তাৰ কৰা হৈছে৷ ক্রাইম ব্রাঞ্চে আন কেইবাটাও চেনেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷