নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ এটা দশক তথা ১০ বছৰ ধৰি এটা কোঠাত আবদ্ধ হৈ থকা তিনি ভাতৃ–ভগ্নীক উদ্ধাৰ কৰিছে বেচৰকাৰী সংস্থা এটিয়ে৷ ১০ বছৰ পূর্বে মাতৃৰ বিয়োগৰ পিছত দুই ভাতৃ আৰু এগৰাকী ভনীয়ে কোঠাত নিজকে আবদ্ধ কৰি ৰাখে৷ দশক ধৰি কোঠাত আবদ্ধ হৈ থকা দুই ভাতৃ–এগৰাকী ভগ্নীক পিতৃৰ সহায়ত আজি ৰাজকোটৰ কিষাণপাৰা অঞ্চলৰ পৰা সাথী সেনা গ্রুপ নামৰ বেচৰকাৰী সংস্থা এটাই উদ্ধাৰ কৰে৷ তথ্য মতে বেচৰকাৰী সংস্থাটোৰ কর্মীয়ে বন্ধ কোঠাটোৰ দুৱাৰ ভাঙি দুই ভাতৃ–ভগ্নীগৰাকীক উদ্ধাৰ কৰে৷ উদ্ধাৰ কৰা এজনৰ বয়স ৪২ বছৰ, তেওঁ এগৰাকী অধিবক্তা আছিল৷ আনজনৰ বয়স ৪০ বছৰ, অর্থনীতিত স্নাতক ডিগ্রীধাৰী আৰু ভগ্ণীগৰাকী ৩৯ বছৰীয়া, মনস্তত্ত্ব বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রীধাৰী৷