নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা মাত্ৰ কণীৰ দাম ৩০, চাউলৰ দাম ২২০, গাখীৰৰ দাম ১৯০০…

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ এক ভয়ানক অস্থা। অর্থনৈতিক সংকটত জৰ্জৰিত শ্ৰীলংকাত মূল্যবৃদ্ধিয়ে আকাশ চুইছে। সৰ্বকালৰ অভিলেখ ভাঙি হোৱা অৰ্থনৈতিক সংকটৰ বাবে খাবলৈ নোপোৱা অৱস্থা হৈছে দ্বীপীয় দেশখনত। কিমানলৈ বাঢ়িছে খাদ্য সামগ্ৰীৰ দাম, জানেনে? সুনিলে সকলোৰে কাণ-মূৰ গৰম উঠিব। দেশখনৰ বজাৰত শেহতীয়াকৈ প্ৰধান খাদ্য চাউল- ঘেঁহুৰ দাম প্রতি কিলোগ্রামত ২২০ টকা আৰু ১৯০ টকালৈ উঠিছে। নিত্য় প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম চেনীৰ দাম ২৪০ টকা, এটা কণীৰ দাম ৩০ টকা আৰু নাৰিকলৰ তেলৰ দাম লিটাৰত ৮৫০ টকা লৈ বৃদ্ধি পোৱাত সাধাৰণ জনতাই খাবলৈ নাপাই মৰিবলগীয়া অৱস্থা হৈছে। অবিশ্বাস্য যদিও সঁচা যে এক কিলোগ্রাম পাউদাৰ গাখীৰ বিক্রী হৈছে এতিয়া ১৯০০ টকাত। যোৱা ফেব্ৰুৱাৰীৰ পৰা খাদ্যবস্তুৰ মূল্যবৃদ্ধি হৈছে ২৫ শতাংশলৈ। বিদ্যুৎ নাই, দৰৱ নোপোৱা অৱস্থা হৈছে। যাৰ বাবে ৰাজপথলৈ ওলাই আহিছে ক্ষুধাৰ্ত জনতা।

You might also like