নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ আটাইতকৈ ধনী ভিক্ষাৰীজনৰ বাসস্থান মুম্বাই; মাহিলি উপার্জন ৭৫ হাজাৰ টকা

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: এজন ভিক্ষাৰীৰ মাহিলি উপার্জন কিমান হ’ব পাৰে? ৫ হাজাৰ বা অতি বেছি ১০ হাজাৰ৷ কিন্তু ভাৰতৰ আটাইতকৈ আঢ়্যৱন্ত ভিক্ষাৰীগৰাকীৰ উপার্জনৰ তথ্য জানিলে চকু কপালত উঠিব৷ এই ভিক্ষাৰীজনৰ উপার্জন ভাল চৰকাৰী কর্মচাৰী বা বেচৰকাৰী বিষয়াতকৈও বহু বেছি৷ বিলাসবহুল জীৱন যাপন কৰে এই ভিক্ষাৰীজনে৷ নাম ভৰত জৈন৷

সর্বভাৰতীয় সংবাদ মাধ্যমৰ কেইবাটাও প্রতিবেদনত দাবী কৰা হৈছে ভৰত জৈন ভাৰতৰ আটাইতকৈ ধনী ভিক্ষাৰী৷ মুম্বাইৰ পেৰেল অঞ্চলত ভিক্ষা কৰা ৪৯ বছৰীয়া ভৰতৰ মাহিলি উপার্জন ৭৫ হাজাৰ টকা৷ অকল সেয়াই নহয়, ভৰতৰ দুটাকৈ আছে এপার্টমেণ্ট৷ ইয়াৰে প্রতিটোৰ দাম ৭০ লাখ টকা৷ পিতৃ, দুই ভাতৃ আৰু পত্নী তথা দুই সন্তানৰ সৈতে বাস কৰে ভৰতে৷ ভৰত আছে এখন দোকানো৷ এই দোকান ভাৰা দি ধনী ভিক্ষাৰীজনে মাহিলি লাভ কৰে ১০ হাজাৰ টকা৷

অকল ভৰতেই নহয়, এই তালিকাত কলকাতাৰ লক্ষী দাসৰো নাম আছে৷ ১৯৬৪ চনৰ পৰা লক্ষীয়ে ভিক্ষাৰীবৃত্তি আৰম্ভ কৰিছিল৷ লক্ষীৰ মাহিলি উপার্জন ৩০ হাজাৰ টকা৷ বেংকত জমা আছে বিপুল পৰিমাণৰ ধন৷ দেশৰ ধনী ভিক্ষাৰীৰ এনে অভাৱনীয় উপার্জনত স্তম্ভিত হৈছে বিভিন্ন মহল, সৃষ্টি হৈছে সংবাদ মাধ্যমত আলোড়ন৷

You might also like