নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ইউৰোপৰ আটাইতকৈ দুষ্প্রাপ্য হিচাপে চিহ্ণিত এবিধ মাছ শেহতীয়াকৈ ৰোমানিয়াৰ খৰস্রোতা নদী ভালছানত দেখিবলৈ পোৱা গৈছে৷ ৬৫ নিযুত বছৰ পুৰণি এই মাছবিধ ১৯৫৬ চনত প্রথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল জীৱ বিজ্ঞানৰ এজন ছাত্রই৷ এছপ্রেট নামৰ এই মাছবিধ ইয়াৰ পৰৱর্তী কেইবাটাও দশক ধৰি অন্তর্ধান হৈ আছিল ইউৰোপত৷ আনকি বিশ্বৰ কোনো স্থানতে বিগত সাতটা দশক ধৰি এই মাছবিধ দেখিবলৈ পোৱা নাই প্রাণী বিজ্ঞানীসকলে৷ শেহতীয়াকৈ নিক’লি ক্রেচিয়ান নামৰ ৫৯ বছৰীয়া জীৱ বিজ্ঞানীগৰাকীয়ে সংবাদ সংস্থা বি বি চিক জনাইছে যে এতিয়াও এছপ্রেট ইউৰোপৰ খৰস্রোতা নদীসমূহত আছে৷ শেহতীয়াকৈ ৰোমানিয়াত এই মাছবিধ দেখা পোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে জীৱবিজ্ঞানীসকল৷