নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কোটি টকাত বিক্রী হ’ব আইএনএছ বিৰাট; নৌসেনাৰ ঐতিহ্যৰ স্মাৰক বহনকাৰী ৰণতৰী হ’ব সংগ্রহালয়

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ ভাৰতীয় নৌসেনাৰ পূর্বৰ যুদ্ধবিমান পৰিবাহী জাহাজ আইএনএছ বিৰাট বিক্রীৰ প্রস্তুতি চলিছে৷ বর্তমানৰ গৰাকীয়ে যুদ্ধবিমান পৰিবাহী আইএনএছ বিৰাট ১০০ কোটি টকাত বিক্রী কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে৷

উল্লেখনীয় যে ১৯৮৭ চনত ভাৰতীয় নৌসেনাক প্রদান কৰা হৈছিল যুদ্ধবিমান পৰিবাহী আইএনএছ বিৰাট৷ ২০১৭ চনত নৌসেনাই এই জাহাজখন ব্যৱহাৰৰ সিদ্ধান্ত পৰিহাৰ কৰে৷ অর্থাৎ জাহাজখন ব্যৱহাৰৰ অনুপযোগী বুলি ঘোষণা কৰে নৌসেনাই৷

চলিত বর্ষৰ জুলাই মাহত শ্রীৰাম গ্রুপ নামৰ সংস্থাটোৱে জাহাজখন ক্রয় কৰে ৩৮.৫৪ কোটি টকাত৷ কিন্তু জাহাজখনৰ নতুন গৰাকী শ্রীৰাম গ্রুপে শেহতীয়াকৈ ১০০ কোটি টকাত বিক্রীৰ চিন্তা–চর্চা চলাইছে৷ মুম্বাইস্থিত এটা কোম্পানীৰ পৰা জাহাজখনৰ বিক্রী মূল্য ১০০ কোটি বিচাৰিছে শ্রীৰাম গ্রুপে৷

স্মর্তব্য যে মুম্বাইৰ কোম্পানীটোৱে এই ৰণতৰীখন এক স্মাৰক হিচাপে ৰখাৰ চিন্তা–চর্চা চলাইছে৷ যদি মুম্বাইৰ কোম্পানীটোৱে ইয়াক ক্রয় কৰিবলৈ সক্ষম হয়, তেন্তে আইএনএছ বিৰাট এক সংগ্রহালয়ত পৰিণত হ’ব৷ ভাৰতৰ সামুদ্রিক যাতায়াতৰ ক্ষেত্রত দীর্ঘদিনীয়া ঐতিহ্য বহন কৰি আহিছিল আইএনএছ বিৰাটে৷ ৰণতৰীখনক ভাৰতীয় সামুদ্রিক যাতায়াতৰ এক প্রতীক হিচাপে গণ্য কৰা হৈছিল৷ যোৱা সপ্তাহত গুজৰাটৰ আলং উপকূলত লংগৰ পেলাইছে আইএনএছ বিৰাটে৷

You might also like