নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুদ্ৰাৰ পতনক মনমোহন সিঙৰ বয়সৰ সৈতে তুলনা কৰা বিজেপিৰ দিনত কি হৈছে

বিশেষ বাৰ্তা, ৯ মেঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ বিপৰীতে মুদ্ৰাৰ পতনক লৈ এসময়ত তৎকালীন প্রধানমন্ত্রী মনমোহন সিঙৰ বয়সৰ সৈতে তুলনা কৰি কটাক্ষ কৰিছিল বিজেপিয়ে। বিজেপিয়ে যিমান কটাক্ষ নকৰিলেও মনমোহন সিঙৰ সময়ত তেনে পৰিস্থিতি হোৱা নাছিল। কিন্তু কেন্দ্রত নৰেন্দ্র মোদী চৰকাৰ চলি থকাৰ এই সময়ত ভাৰতীয় মুদ্রাৰ চৰম অবমুল্যায়ন ঘটিছে। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ দাম সোমবাৰে পুৱা ৭৭.৪২ টকা হৈছেগৈ। ইয়াৰ আগেয়ে মুদ্ৰাৰ এনে পতন কেতিয়াও হোৱা নাছিল। অর্থনৈতিক বিশেষজ্ঞসকলৰ মতে, এই বছৰ ভাৰতীয় বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে ইতিমধ্যে ১৭.৭ বিলিয়ন ডলাৰ তুলি নিছে। সেয়াও এটা অভিলেখ। বহুতৰে মতে, এই অবমুল্যায়ন হয়তো ইয়াতে নৰয়। সেয়া অচিৰেই ৮০ টকালৈ পাব।

You might also like