নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু ৰাছিয়া

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ইউক্রেইনৰ ওপৰত চলোৱা আক্রমণৰ ঘটনাক লৈ ইউৰোপ–আমেৰিকাৰ সৈতে ৰাছিয়াৰ সংঘাত অব্যাহত থকাৰ সময়তে আজি মস্কো প্রশাসনে ইউক্রেইনক ধ্বংস কৰাৰ হুংকাৰ দিছে৷ ক্রেমলিনৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই আজি উল্লেখ কৰিছে যে যদি বিবদমান ডনবাছ অঞ্চলত ৰাছিয়াৰ নাগৰিকসকলক সুৰক্ষা প্রদান কৰাৰ ক্ষেত্রত ইউক্রেইনে বাধা প্রদান কৰে, তেন্তে সেয়া হ’ব ইউক্রেইনৰ ধ্বংসৰ আৰম্ভণি৷ উল্লেখনীয় যে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইন সীমান্তলৈ কেইবাহাজাৰো সেনা, হেলিকপ্ঢাৰ, টেংক আদি প্রেৰণ কৰাৰ পাছতে বিগত কেইসপ্তাহমান ধৰি পূব ইউক্রেইনত চলি আছে উত্তেজনা৷ ক্রেমলিনৰ জ্যেষ্ঠ বিষয়ববীয়া ডিমিট্রি ক’জাকে আজি ঘোষণা কৰিছে যে ডনবাছ অঞ্চলত ৰুছ অসামৰিক লোকসকলৰ নিৰাপত্তালৈ আহি পৰিছে ভাবুকি৷ ইউক্রেইনী সেনাৰ ভাবুকি আহি পৰাৰ লগে লগে সীমান্তত যুদ্ধৰ বাবে সাজু হৈছে ৰাছিয়া৷ অৱশ্যে ইউক্রেইনে প্রথমতে আক্রমণ নকৰিলে ৰাছিয়াই সীমান্তত কেতিয়াও সামৰিক অভিযান নচলায় বুলি স্পষ্ট কৰি দিছে ক’জাকে৷ মস্কো প্রশাসনে বিগত সময়ছোৱাত অভিযোগ কৰি আহিছে যে বিবদমান সীমান্ত অঞ্চলত পূর্বৰ তুলনাত সামৰিক শক্তি বৃদ্ধি কৰিছে ইউক্রেইনে৷ অকল সেয়াই নহয়, ডনবাছ অঞ্চলত ৰুছ নাগৰিকসকলৰ ওপৰত ইউক্রেইনী সেনাই আতিশয্য চলোৱা বুলিও অভিযোগ কৰিছে ৰাছিয়াই৷ গতিকে ভ্লাডিমিৰ পুটিনে সীমান্তত ভয়াৱহ যুদ্ধৰ বাবে সাজু হ’বলৈ সকীয়নি দিছে প্রতিৱেশী ইউক্রেইনক৷ তাৎক্ষণিকভাৱে অৱশ্যে ইউৰোপ আৰু আমেৰিকাই এই ঘটনাক লৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like