এইবাৰ ব্ৰিটেইন আক্ৰমণ কৰিব ৰাছিয়াই, দখল কৰিব ঐতিহাসিক কীৰ্তিচিহ্ন, দিলে মুকলি ভাবুকি
বিশেষ বাৰ্তা, ৩১ মেঃ ইউক্ৰেইনত চলি থকা যুদ্ধৰ মাজতে শেহতীয়াকৈ ৰাছিয়াৰ টেলিভিছনত এক চাঞ্চল্যকৰ কথা প্ৰকাশ পাইছে। ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ অতিকৈ ঘনিষ্ঠ সহযোগী ভ্লাডিমিৰ ছ’ল’ভিয়াভে পৰৱৰ্তী সময়ত ব্ৰিটেইন আক্ৰমণ কৰিবলৈ পৰামৰ্শ দিছে মস্কোক। তেওঁ কয় যে মস্কোৱে ব্ৰিটেইনৰ প্ৰাকঐতিহাসিক কীৰ্তিচিহ্ন ষ্ট’নহেঞ্জ দখল কৰা তেওঁ চাব বিচাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা তথা ‘পুটিনৰ কণ্ঠস্বৰ’ বুলি পৰিচিত ছ’ল’ভিয়াভে কয় যে ৰাছিয়াই ব্ৰিটেইন আক্ৰমণ কৰি ব্ৰিটেইনৰ বৈদেশিক সচিব লিজ ট্ৰাছক লক্ষ্য কৰি ল’ব পাৰে। ৰাছিয়া-১ অনুষ্ঠান ইভিনিং উইথ ভ্লাডিমিৰ ছ’ল’ভিয়াভত তেওঁ কয় যে ৰাছিয়াৰ আক্ৰমণ ইংলেণ্ডৰ ঐতিহাসিক কীৰ্তিচিহ্ন ষ্ট’নহেঞ্জলৈকে হ’ব পাৰে। ক্ৰেমলিনৰ নেতাগৰাকীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আক্ৰমণ কৰিব লাগে বুলিও দাবী কৰিছে। ইফালে ৰাছিয়াৰ চৰকাৰী টিভিয়ে ব্ৰিটেইন বা ইউৰোপক ভাবুকি দিয়াটো এয়াই প্ৰথম নহয়। যোৱা এপ্ৰিল মাহতো ছ’ল’ভিয়াভে ব্ৰিটেইনক পাৰমাণৱিক বিনাশৰ সম্ভাৱনাৰ ভাবুকি দিছিল।