নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্ৰ ৪৬ বছৰ পলম হ’ল! কোনে, ক’ত লাইব্ৰেৰীলৈ ওভোতালে কিতাপ

বিশেষ বাৰ্তা, ৩১ মেঃ চাৰি দশকৰো অধিক সময়ৰ পাছত আমেৰিকাৰ ওক্লাহোমাৰ এটা পুথিভঁৰালক ঘূৰাই দিয়া হ’ল এখন কিতাপ। ওৱাছ’ লাইব্ৰেৰীয়ে “এনি এনি”ৰ কভাৰৰ ফটো পোষ্ট কৰি ৪৬ বছৰৰ পিছত কিতাপখন ঘূৰাই দিয়া স্থানীয় অজ্ঞাত লোকজনক ধন্যবাদ জনাইছে। লাইব্ৰেৰীটোৰ পৰা ফেচবুক পোষ্টত লিখা হৈছে- “এনি এনিৰ এই কপিটো যিয়েই আমাক ঘূৰাই দিলে তেওঁলৈ ধন্যবাদ! ভিতৰত থকা কাগজখনৰ মতে, এই কিতাপখন ১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় পুথিভঁৰাললৈ ঘূৰাই পঠিয়াবলগীয়া আছিল। মাত্ৰ ৪৬ বছৰ পলম হ’ল!” ছ’চিয়েল মিডিয়াত আমোদ দি কোনোবাই লিখিছে পলম হোৱাৰ জৰিমণা কিমান ভৰিব লাগিব বাৰু? যোৱা মাহত ইউনিভাৰ্চিটী কলেজ লণ্ডন লাইব্ৰেৰীলৈ এখন কিতাপ ঘূৰাই দিয়া হৈছিল য’ত লিখা আছিল, “প্ৰিয় লাইব্ৰেৰিয়ান, মোৰ ভয় হৈছে এই কিতাপখনৰ প্ৰায় ৫০ বছৰ আগতে ওভোতাবলগীয়া আছিল!” ১৮৭৫ চনৰ সংস্কৰণৰ কুৱেৰ’লাছ নামৰ নাটকখন ১৯৭৪ চনৰ গ্রীষ্মকালত ইউ চি এল লাইব্ৰেৰীলৈ ঘূৰাই পঠোৱাৰ কথা আছিল৷

You might also like