নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রক শপতনামা দাখিলৰ চাৰি সপ্তাহ সময় শীর্ষ আদালতৰ

লকডাউনত কোম্পানীৰ কর্মচাৰীক সম্পূর্ণ মজুৰিৰ প্রসংগ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ লকডাউনৰ সময়ত ব্যক্তিগত খণ্ডৰ কর্মচাৰীসকলক সম্পূর্ণ মজুৰি দিব লাগে বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা নির্দেশনা সন্দর্ভত ছুপ্রিম ক’র্টে আজি কেন্দ্রীয় চৰকাৰক এক অতিৰিক্ত শপতনামা দাখিল কৰিবলৈ আহ্বান জনাইছে৷ এই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ক শীর্ষ আদালতখনে চাৰি সপ্তাহৰ সময়সীমা বান্ধি দিছে৷ উল্লেখনীয় যে বিভিন্ন কোম্পানীয়ে ইতিমধ্যে এইক্ষেত্রত আপত্তি দর্শাই দাখিল কৰা আবেদনৰ শুনানি জুলাইৰ শেষ সপ্তাহলৈ পিছুৱাই দিছে ন্যায়ালয়ে৷ আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, সঞ্জয় কিষাণ কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে উল্লেখ কৰে যে উদ্যোগ–কাৰখানা তথা কর্মচাৰীসকলে মজুৰি আদায় দিয়া বিষয়টো সন্দর্ভত একেলগেই বহা উচিত৷ স্মর্তব্য যে পূর্বে শীর্ষ আদালতখনে লকডাউনৰ সময়ত কর্মচাৰীক সম্পূর্ণ মজুৰি আদায় দিয়াত ব্যর্থ হোৱা কোম্পানীসমূহৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ নকৰিবলৈ নির্দেশ দিছিল কেন্দ্রীয় চৰকাৰক৷ এই ৰায় অব্যাহত থাকিব বুলি আজি বিচাৰপীঠখনে পুনৰ উল্লেখ কৰিছে৷

You might also like