নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণৰ সংশয়! সিদ্ধু মুছেৱালাৰ হত্যাৰ পাছতে ছলমান খানৰ নিৰাপত্তা বৃদ্ধি, ক’ৰবাত সংযোগ ৰৈছে

বিশেষ বাৰ্তা, ১ জুনঃ পাঞ্জাবী কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডই সমগ্ৰ উদ্যোগটোকে স্তম্ভিত কৰি তুলিছে। এতিয়া সিধু মুছৱালা হত্যাকাণ্ডৰ কেইদিনমান পিছতে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে। মুছেৱালা হত্যাকাণ্ডৰ দায়িত্ব ল’লে লৰেন্স বিষ্ণোইৰ সহযোগী গোল্ডী ব্ৰাৰে। এই গেংটোৱেই বহু বছৰ পূৰ্বে বলীউডৰ ‘ডাবাং খান’ ছলমান খানক হত্যাৰ ভাবুকি দিছিল। এই সন্দৰ্ভত পুনৰবাৰ সজাগ হৈছে মুম্বাই আৰক্ষী আৰু ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰিছে। হৰিণী চিকাৰৰ গোচৰৰ সময়তে ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল লৰেন্স বিষ্ণোইয়ে। বিষ্ণোই সম্প্ৰদায়ে ক’লা হৰিণক পৱিত্ৰ বুলি গণ্য কৰে আৰু সেই হৰিণ চিকাৰ কৰাৰ বাবে ছলমান খানক হত্যাৰ ভাবুকি দিছিল। ২০০৮ চনত আদালতৰ বাহিৰত লৰেন্স বিষ্ণোইয়ে কৈছিল যে তেওঁ যোধপুৰতে হত্যা কৰিব ছলমানক। তেওঁ লগতে কৈছিল “এতিয়ালৈকে মই একো কৰা নাই, কিন্তু যেতিয়াই ছলমান খানক হত্যা কৰিম, তেতিয়াই সকলো জানিব।”

You might also like