নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদক লৈ কৰি আছে ৰাজনীতি !

🔹 নিজৰ দল কংগ্রেছক ক্ষুৰধাৰ সমালোচনা ছলমান খুৰশ্বিদৰ

নিউজ ডেস্ক, ৩ জুন : সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্ব মঞ্চত সৰৱ ভাৰত৷ কিন্তু এই সময়তো দেশৰ ভিতৰত চলা ৰাজনীতিক লৈ ক্ষুব্ধ জ্যেষ্ঠ কংগ্রেছ নেতা ছলমান খুৰশ্বিদ ৷ নিজৰ দল কংগ্রেছক এই সন্দর্ভত ক্ষুৰধাৰ সমালোচনা কৰিলে প্রাক্তন কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে মালয়েছিয়াত ভাৰতীয় সাংসদসকলৰ প্রতিনিধি দলৰ সদস্য হিচাপে উপস্থিত আছে খুৰশ্বিদ৷ পাকিস্তানৰ সন্ত্রাসবাদপ্রীতিৰ বিষয়টো সন্দর্ভত মালয়েছিয়াত সৰৱ হৈ পৰা খুৰশ্বিদে এক্স হেণ্ডেলত উল্লেখ কৰে– দেশপ্রেমী হোৱাটো ইমানেই কঠিননে যে এই বিষয়টোক লৈ ৰাজনীতি কৰি থাকিব লাগে? বিশ্ব মঞ্চত ভাৰত সৰৱ হোৱাৰ মুহূর্তত ঘৰৰ ভিতৰত এই বিষয়টোক লৈ চলি আছে মতানৈক্য৷ এয়া অতি দুখৰ বিষয়৷ স্মর্তব্য যে কংগ্রেছৰ দলটোৰ এগৰাকী জ্যেষ্ঠ নেতা হৈও দলৰ শেহতীয়া স্থিতিক লৈ ক্ষুণ্ণ ছলমান খুৰশ্বিদ৷

You might also like