নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই নমৰালৈকে অভিনয় অব্যাহত ৰাখিমঃ সঞ্জয় দত্ত

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ সঞ্জয় দত্তৰ বাবে বহুত কঠিন আছিল ২০২০ বৰ্ষটো। কাৰণ এই বছৰতে অভিনেতা সঞ্জয়ৰ কৰ্কট ৰোগৰ খবৰ পোহৰলৈ আহিছিল। মুম্বাইত সঞ্জয়ে এই বিষয়ে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক খবৰ দিছিল। এই বাতৰিটো শুনি অনুৰাগীসকল যথেষ্ট বিচলিত হৈছিল। চেলিব্ৰেটীৰ পৰা অনুৰাগীলৈকে, সকলোৱে সঞ্জু বাবাৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল।

ইয়াৰ ঠিক কেইটামান মাহৰ পাছতেই সঞ্জয়ে কৈছিল যে তেওঁ কৰ্কট ৰোগৰ পৰা মুক্ত হৈছে। ৰোগৰ পৰা মুক্ত হোৱাৰ পাছতে তেওঁ পুনৰ অভিনয় জগতলৈ উভতি আহে। অতি শীঘ্ৰে সঞ্জুক এক ডাঙৰ প্ৰকল্পত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব।

শেহতীয়াকৈ সঞ্জয়ে শুকুৰবাৰে দিল্লীত এক সংবাদমেলত তেওঁ ভাৰতীয় ছবিজগতৰ প্ৰতি থকা তেওঁৰ প্ৰেম আৰু উদ্যোগটোৰ অংশ হ’বলৈ পাই কিমান গৌৰৱান্বিত অনুভৱ কৰে সেই বিষয়ে প্ৰকাশ কৰে। সঞ্জয়ে কয়, “মই এজন শিল্পী আৰু মই নমৰালৈকে অভিনয় অব্যাহত ৰাখিম। যদি ঈশ্বৰেও মোক সুস্থ ৰাখে।”

You might also like