নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে ক’ভিড–১৯ মহামাৰীৰ বাবেই গণৰাজ্য দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ ভাৰতলৈ নাহে বুলি ঘোষণা কৰাৰ পিছতে কংগ্রেছ সাংসদ শশী থাৰুৰে চৰকাৰক গণৰাজ্য দিৱসৰ কুচকাৱাজ বাতিল কৰিবলৈ আহ্বান জনাইছে৷ গণৰাজ্য দিৱসৰ কুচকাৱাজত সাধাৰণতে বহুসংখ্যক লোকৰ সমাগম ঘটে৷ বর্তমান ক’ভিড পৰিস্থিতিত এনে সমাগম এক দায়িত্বহীন কার্য হিচাপে চিহ্ণিত হ’ব বুলি উল্লেখ কৰিছে থাৰুৰে৷ উল্লেখনীয় যে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসলৈ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছিল৷ কিন্তু ব্রিটেইনত ক’ভিড–১৯ৰ নতুন প্রকৰণে সংক্রমণৰ সংহাৰ সৃষ্টি কৰাৰ বাবেই প্রধানমন্ত্রীগৰাকীয়ে ভাৰত ভ্রমণ কার্যসূচী বাতিল কৰিছে৷
কংগ্রেছ নেতা থাৰুৰে গণৰাজ্য দিৱসৰ কুচকাৱাজ বর্জন কৰিবলৈ আহ্বান জনোৱাৰ পিছতে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে এয়া থাৰুৰৰ এক দায়িত্বশূন্য মন্তব্য বুলি অভিহিত কৰিছে৷ গণৰাজ্য দিৱসৰ দৰে এটা দিনৰ বর্ণাঢ়্য কার্যসূচী বাতিল কৰিবলৈ দি শশী থাৰুৰে নিজৰ অজ্ঞতাৰ পৰিচয় দাঙি ধৰা বুলিও উল্লেখ কৰিছে সংসদীয় পৰিক্রমা মন্ত্রী যোশীয়ে৷