নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদি আৰবৰ ঘোষণা–ন’ ভেকচিন, ন’ হজ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ঘাতক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি হজযাত্রীসকলৰ বাবে ক’ভিড–১৯ ভেকচিন বাধ্যতামূলক কৰিছে ছৌদি আৰবে৷ দেশখনৰ চৰকাৰে ঘোষণা কৰা মতে ন’ ভেকচিন, ন’ হজ৷ চলিত বর্ষত আৰম্ভ হ’বলগীয়া হজৰ বাবে বিদেশৰ পৰা আহিবলগীয়া হজযাত্রীসকলে ক’ভিড–১৯ ভেকচিন গ্রহণ নকৰিলে তেনে যাত্রীক হজৰ বাবে অনুমতি প্রদান কৰা নহ’ব বুলি ঘোষণা কৰিছে৷ মানৱ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি হজযাত্রীসকলৰ স্বাস্থ্য নিশ্চিত কৰাৰ বাবে ছৌদি আৰব চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷

You might also like