নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রেমিকাৰ ঘৰলৈ গোপন সুৰংগ পুৰুষৰ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  গোপন সুৰংগৰে প্রেমিকাৰ সৈতে সঘনে মিলিত হৈ থকাৰ পিছত অৱশেষত প্রেমিকাৰ স্বামীৰ হাতত ধৰা পৰিল মেক্সিকোৰ এজন পুৰুষ৷ এলবার্ট’ নামৰ মেক্সিকোৰ যুৱকজনে তেওঁৰ বাসগৃহৰ পৰা কিছু দূৰত থকা বিবাহিতা প্রেমিকাৰ সৈতে মিলিত হ’বলৈ দীর্ঘ দূৰত্বৰ এটি গোপন সুৰংগ খান্দি লৈছিল৷ সেই সুৰংগটোৰে প্রেমিকাৰ স্বামী কামলৈ বাহিৰলৈ ওলাই যোৱাৰ পিছতে এলবার্ট’ৱে প্রেমিকাৰ সৈতে মিলিত হয়৷ মেক্সিকোৰ টাইজুৱানা চহৰত বসবাস কৰি থকা এলবার্ট’ৱে গোপন সুৰংগৰে প্রেমিকাৰ সৈতে মিলিত হৈ আছিল যদিও অৱশেষত এদিন প্রেমিকাৰ স্বামীৰ হাতত ধৰা পৰিল৷ প্রেমিকাৰ স্বামী বাহিৰলৈ ওলাই যোৱা বুলি সুৰংগৰে এলবার্ট’ৱে বাসগৃহত প্রৱেশ কৰে, তেনে সময়তে ঘৰত থকা স্বামীয়ে এলবার্ট’ক হাতে লোটে ধৰা পেলায় আৰু এই গোপন সুৰংগটোৰ সন্ধান লাভ কৰে৷

You might also like