নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোহৰলৈ আহিল ২ বছৰে সন্ধানহীন ডুবাইৰ সুন্দৰী ৰাজকুমাৰীৰ ঠিকনা

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ২ বছৰ ধৰি নিখোজ হৈ আছিল ডুবাইৰ ৰাজকুমাৰী লতিফা আল মক্তুম। এগৰাকী ৰাজকুমাৰী নিখোজ হৈ থকা বিষয়টোক লৈ সকলোৰে মাজত সৃষ্টি হৈছিল কৌতূহলৰ।

কিন্তু কাৰোৱে জানিবলৈ উপায় নাছিল বিষয়টো সন্দৰ্ভত। কিয়নো তেওঁ আছিল ৰাজকুমাৰী। বিশ্বৰ ধনী ৰাষ্ট্ৰপ্ৰধান তথা সংযুক্ত আমীৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন ৰছীদ আল মাকতুমৰ কন্যা তেওঁ।

২০১৮ চনত দেশৰ পৰা পিতৃৰ নিৰ্যাতনৰ বাবে দেশৰ পৰা পলাই যাব বিচাৰিছিল যদিও আৰৱ সৈন্যই বন্দী কৰে তেওঁক। তেতিয়াৰ পৰা ৰাজকুমাৰীৰ নাছিল কোনো তথ্য। কিন্তু বাতৰি সংস্থা বিবিচি পেনোৰামাই শেহতীয়াকৈ প্ৰচাৰ কৰে এটা ভিডিঅ’।

এই ভিডিঅ’ আছিল স্বয়ং ৰাজকুমাৰী লতিফাৰ। এটা বিশাল অট্টালিকাক জেললৈ ৰূপান্তৰ কৰি পিতৃয়ে বন্দী কৰি ৰাখিছে ৰাজকুমাৰী লতিফাক।

দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখা অট্টালিকাত লতিফাই কেৱল এটা কোঠাত থাকে আৰু পাকঘৰলৈ যাব পাৰে। আৰক্ষীৰ চোকা নজৰত থকা ৰাজকুমাৰী লতিফাই সেয়ে বাথৰুমৰ পৰা কৰে এই ভিডিঅ’টো। নিজৰ প্ৰাণক লৈ সংশয় প্ৰকাশ কৰা দেখা গৈছিল এই ভিডিঅ’ত।

এই ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছত বিশ্বজুৰি চৰ্চিত হৈছে সংযুক্ত আমীৰশ্বাহীৰ উপ-ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন।

You might also like