নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টাৰনেটত অশ্লীল ভিডিঅ’ চোৱাসকলৰ তথ্য পাব আৰক্ষীয়ে, হ’ব পাৰে গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ  ইণ্টাৰনেটত অশ্লীল ভিডিঅ’ চোৱাসকল সাৱধান হওক। আপুনিও পৰিব পাৰে আৰক্ষীৰ চকুত। বহুলোকে নিজৰ সুবিধাৰ বাবে ইণ্টাৰনেটত অশ্লীল ভিডিঅ উপভোগ কৰে। এইবোৰৰ ওপৰত এতিয়াৰে পৰা শেন চকু থাকিব আৰক্ষী প্ৰশাসনৰ।

উত্তৰ প্ৰদেশত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে এনে ধৰণৰ চাইটসমূহ নিৰীক্ষণৰ বাবে বিশেষভাৱে নিয়োগ কৰিছে এক প্ৰতিষ্ঠানক। দৰাচলতে মহিলাজনিত অপৰাধ ৰোধৰ বাবে, ‘ইউ পি মহিলা পাৱাৰলাইন ১০৯০(UP WOmen Powerline) নামৰ এটা নতুন গোট স্থাপন কৰা হৈছে। এই গোটটো সতৰ্ক হৈ থাকিব যেতিয়া এজন ব্যক্তিয়ে ইণ্টাৰনেটত অশ্লীল ভিডিঅ’ চাৰ্চ কৰে ।

এতিয়াৰে পৰা যি সকল লোকে ইণ্টাৰনেটত অশ্লীল ভিডিঅ’ বিচাৰে তেওঁলোকে সতৰ্কমূলক মেছেজ লাভ কৰিব আৰু সকলো তথ্য আৰক্ষীৰ ওচৰতো সংৰক্ষণ হৈ থাকিব। ফলত সেই লোকজনে ৱেবছাইটত যিকোনো অপৰাধজনিত কণ্টেণ্টা চালে তেওঁক আৰক্ষীয়ে সেই তথ্যৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰিব পাৰিব।

You might also like