বিমান পৰিবহণৰ সলনি নাগৰিকৰ স্বাস্থ্যত গুৰুত্ব দিয়কঃ SC
নিয়মীয়া বাৰ্তা, ২৬ মেঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াক অহা ৬ জুনপর্যন্ত মাজৰ আসনত যাত্রীক বহুওৱাৰ অনুমতি প্রদান কৰিছে৷ অৱশ্যে ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে চৰকাৰে বাণিজ্যিক বিমান পৰিবহণৰ ‘স্বাস্থ্য’ৰ সলনি নাগৰিকৰ স্বাস্থ্যক লৈ অধিক চিন্তিত হোৱা উচিত৷ ব’ম্বে উচ্চ ন্যায়ালয়ৰ ৰায়দানক প্রত্যাহ্বান জনাই কেন্দ্রীয় চৰকাৰ আৰু এয়াৰ ইণ্ডিয়াই জনোৱা আবেদনৰ ভিডি’ কনফাৰেন্সিংযোগে জৰুৰী শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় প্রদান কৰে৷ মুখ্য ন্যায়াধীশ এছ এ বোব্ডে নেতৃত্বাধীন বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ব’ম্বে উচ্চ ন্যায়ালয়ে ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েশ্বনে (ডি জি চি এ) প্রস্তুত কৰা নির্দেশাৱলী সন্দর্ভত দিয়া সিদ্ধান্ত বিমান পৰিবহণ প্রতিষ্ঠানসমূহে মানি চলিব লাগিব৷ ডি জি চি এৰ নির্দেশাৱলীৰ বিৰুদ্ধে দাখিল কৰা সকলো আবেদন শীঘ্রে নিষ্পত্তি কৰিবলৈও ব’ম্বে উচ্চ ন্যায়ালয়ক নির্দেশ দিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে৷