মেছাকৰ পিছত এইবাৰ আহিছে সামুদ্রিক ধুমুহা হাইছেন
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সামুদ্রিক ধুমুহা হাইছেনে প্রতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে জাপানৰ বিভিন্ন স্থানত তাণ্ডৱ সৃষ্টি কৰিব বুলি বতৰ বিজ্ঞান বিভাগে সতর্কবাণী কৰাৰ পিছতে দেশখনৰ চৰকাৰে দুই লক্ষাধিক লোকক নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ নির্দেশ দিছে৷
জাপানৰ কিউছু অতিক্রম কৰি পৰহিলৈ দক্ষিণ কোৰিয়াতো এই ধুমুহাই ধ্বংসলীলা সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ ধুমুহাৰ লগে লগে মুষলধাৰ বৃষ্টিপাতে জাপান আৰু কোৰিয়া উপদ্বীপত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি সতর্কবাণী কৰিছে বতৰ বিজ্ঞান বিভাগে৷
স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে জাপান আৰু কোৰিয়া উপদ্বীপ অঞ্চলক খুন্দিয়াই গৈছিল সামুদ্রিক ধুমুহা মেছাকে৷ শেহতীয়া এই ধুমুহাৰ সতর্কবাণী পোৱাৰ লগে লগে জাপানৰ উপকূলীয় অঞ্চলত বন্ধ কৰি দিয়া হৈছে কাৰখানা, শিক্ষানুষ্ঠান আৰু বাণিজ্যিক প্রতিষ্ঠানসমূহ৷ বিশেষকৈ পশ্চিম জাপানত বিশেষ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ কেইবাশ ৰে’ল তথা বিমানৰ সেৱাও বাতিল কৰিছে চৰকাৰে৷