নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰত বিহ মিহলাই ৯ দিনীয়া কন্যা সন্তানক হত্যা 

🔹 দ্বিতীয়বাৰো কন্যা সন্তান জন্ম : গ্রেপ্তাৰ দম্পতীক

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : দ্বিতীয়বাৰো কন্যা সন্তান জন্ম৷ এই বিষয়টোক লৈ পিতৃ–মাতৃ ক্ষুব্ধ৷ গতিকে ৯ দিনীয়া কন্যা সন্তানক হত্যা কৰিলে দম্পতীয়ে৷ ইয়াৰ পিছত শিশুটিৰ মৃতদেহ ঘৰৰ পিছফালৰ মাটিত পুতি থ’লে পাষাণ হৃদয়ৰ পিতৃ–মাতৃয়ে৷ কালি অভিযুক্ত এই দম্পতীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ঘটনাটো ঘটিছে তামিলনাডুৰ ভেলোৰত৷ অভিযুক্ত দম্পতীৰ নাম চি জিভা আৰু জে ডায়ানা৷ এই দম্পতীৰ দুবছৰীয়া এটি কন্যা সন্তান আছে৷ ২৭ আগষ্টত তেওঁলোকৰ দ্বিতীয়টি কন্যা সন্তানৰ জন্ম হয়৷ পিছত ডায়ানাৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ ফলত স্থানীয় চৰকাৰী হাস্পতাললৈ স্থানান্তৰিত কৰা হয়৷ এই হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ যায় ডায়ানাই৷ দ্বিতীয় সন্তানো কন্যা হোৱা বাবে হতাশ হৈ পৰে জিভা আৰু ডায়ানা৷ গতিকে নৃশংসভাৱে গাখীৰৰ সৈতে বিহ মিহলাই শিশুটিক হত্যা কৰে এই দম্পতীয়ে৷

You might also like