নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিবিধ্বস্ত ইৰানত নাৰীয়ে গ্রহণ কৰিছে পতিতা বৃত্তি

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ভয়াৱহ অর্থনৈতিক সংকটৰ মাজত ইৰানৰ বহু নাৰীয়ে জীয়াই থকাৰ সম্বল হিচাপে গ্রহণ কৰিবলগীয়া হৈছে গণিকা বৃত্তি৷ বহু শিক্ষিত ইৰানী মহিলাই এতিয়া উপার্জনৰ পথ হিচাপে পতিতা বৃত্তিক আদৰি লৈছে৷

শেহতীয়াকৈ বিবিচিৰ এক প্রতিবেদনত পোহৰলৈ আহিছে এই তথ্য৷ নেডা নামৰ তেহৰানৰ বাসিন্দা বিবাহ বিচ্ছেদ ঘটা মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে পেছাত হেয়াৰ ড্রেছাৰৰ কাম কৰি তেওঁ নিজৰ সন্তানক পোহপাল দিব নোৱাৰে৷ গতিকে নিশা পতিতা হিচাপে দ্বিতীয়টো বৃত্তিত মনোনিৱেশ কৰিবলগীয়া হয়৷ কিছু ধনৰ বাবে প্রতিনিশা দেহ বিক্রী কৰিবলগীয়া হৈছে নেডাই৷

এয়া অকল নেডাৰ কাহিনী নহয়৷ অর্থনৈতিক সংকটে জুৰুলা কৰিছে ইৰানৰ নাৰী সমাজক৷ গতিকে পতিতা বৃত্তিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰি আহিছে যদিও দেশখনত প্রতিদিনে বৃদ্ধি পাইছে এই বৃত্তিত নিয়োজত মহিলাৰ সংখ্যা৷

You might also like